অসম

বিহপুৰীয়াত সমস্যাত ভুগিছে বন্যাৰ্তসকল

প্ৰথম খবৰ, বিহপুৰীয়া: বিহপুৰীয়াত বান পৰিস্থিতি  উন্নত হৈছে যদিও বানাক্ৰান্ত বিভিন্ন সমস্যাই গা কৰি উঠিছে ৷ বানাক্ৰান্ত অঞ্চল সমূহত খোৱাপানী, স্বাস্থ্যকে ধৰি যোগাযোগ ব্যৱস্থাটোৱে বিশেষকৈ সমস্যাত পেলাইছে বন্যাৰ্ত সকলক ৷ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত উক্ত অঞ্চল সমূহৰ সকলো উপ -পথেই বৰ্তমান বিধ্বস্ত হৈ পৰাৰ লগতে কেইবাটাও মুলপথ  সমূহৰ ক্ষতি সাধন কৰিছে ৷ ফলত স্থানীয় অঞ্চল সমূহৰ ৰাইজে তীব্ৰ সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷  ডিক্ৰং নদীৰ মথাউৰিটো নিৰ্মাণ নকৰাৰ ফলত প্ৰতি বছৰে অঞ্চলটোৰ প্ৰায় ১৫খন গাঁৱৰ ৰাইজে ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে ৷ ৰাজ্যৰ জল সম্পদ বিভাগে অৰ্থহীনভাৱে কোটি কোটি টকা ব্যয় সাপেক্ষে অসংখ্য আচঁনি ৰূপায়ন কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু এখনো আচঁনি বিহপুৰীয়াৰ বান খহনীয়া ৰোধত বিশেষভাবে সফলতা অৰ্জন কৰিব পৰা নাই ৷ উল্লেখ্য উক্ত অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত তিনি বছৰ পূৰ্বে বিভাগীয় কতৃপক্ষই ডিক্ৰং নদীৰ পাৰে পাৰে এটি বান প্ৰতিৰোধী মথাউৰি নিৰ্মাণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাক বিষয়ে ডিক্ৰং পৰীয়া ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ অৱশ্যে এই বৰ্ষত ডিক্ৰং নদীখনৰ বানে অঞ্চলটোত সৃষ্টি কৰা ভয়াৱহতালৈ লক্ষ্য কৰি জল সম্পদ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close