অসম

বিহু অনুষ্ঠান জাতীয় জীৱনৰ সফুঁৰাৰ দৰে: পুৰণিগুদাম প্ৰেছ ক্লাৱৰ ঢোলবাদন আৰু বিহুনাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ড: জয়শ্ৰী গোস্বামী মহন্ত

প্ৰথম খবৰ, বঢ়মপুৰ: বিহু অনুষ্ঠান জাতীয় জীৱনৰ সফুঁৰাৰ দৰে। বিহু গীতে সাধু কথাৰ দৰে বহু পুৰণি কথা ধৰি ৰাখিবলৈ সক্ষম হৈছে। বহুতৰ মাজত বিৰ্তকৰ সূচনা হৈছে যে বিহু মঞ্চলৈ অহা উচিত নে অনুচিত। এইক্ষেত্ৰত আমি কওঁ গাঁৱৰ মানুহ যিদৰে বিভিন্ন কাৰণত চহৰমুখী হৈছে ঠিক সেইদৰে বাপুতিসাহোন বিহুটিও সেইসকল চহৰমুখী গঞা ৰাইজৰ প্ৰাণৰ তাগিদাৰে আন্তৰিকতাপূৰ্ণ ভাৱে চহৰমুখী হোৱাটো একো বেয়া নহয় এই মন্তব্য বিশিষ্ট সাহিত্যক তথা সুলেখিকা ড: জয়শ্ৰী গোস্বামী মহন্তৰ। আজি নগাঁও জিলাৰ পুৰণিগুদাম হালোৱাগাঁৱৰ ভেৰভেৰী মজলীয়া প্ৰাক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ঢোলবাদন আৰু বিহুনাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ বিহু আমাৰ সংস্কৃতি, বিহু আমাৰ জাতীয় পৰিচয় শীৰ্ষক আলোচনা চক্ৰত উপস্থিত থাকি বিশিষ্ট সাহিত্যক গৰাকীয়ে আৰু কয় বিহুক লৈ বহুতৰ মাজত স্মৃতিকাতৰতা থাকে। আমি সকলোৱে বিহুক হেৰাই যাবলৈ নিদিও বুলি দৃঢ় হ’ব লাগিব। বিহু কেৱল আজি অসমতে নহয় বিহু কলিকতা, দিল্লী, আমেৰিকা, লণ্ডন আদিতো প্ৰদৰ্শিত হোৱাটো আমাৰ বাবে গৌৰৱৰ কথা। বিহুক বিজ্ঞানসন্মতভাৱে, শুদ্ধভাৱে নৱপ্ৰজন্মৰ মাজত বিলাই দিবলৈ যত্ন কৰাটো প্ৰতিগৰাকী অসমীয়াৰে গধুৰ দায়িত্ব বুলি গোস্বামীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি আৰু বিশিষ্ট লেখক শৈলেন শইকীয়া উপস্থিত থাকি ভাষণ প্ৰসংগত কয় নিজা সংস্কৃতি আত্মপৰিচয়েৰে বিশ্বৰ বুকুত উজ্জ্বীৱিত হৈ থাকিব লাগিব। সংস্কৃতিৰে প্ৰৱাহমান সুঁতি। গোলকীকৰণৰ যুগত সংস্কৃতিৰ আদান প্ৰদান হ’বয়ে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি শইকীয়াই আৰু কয় নিজৰ সংস্কৃতিৰ শিক্ষাৰে নৱ প্ৰজন্মক সচেতন কৰি তুলিব লাগিব। পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত আয়োজিত ঢোলবাদন আৰু বিহুনাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আলোচনা চক্ৰত বিহু সুৰক্ষা কেন্দ্ৰীয় সমিতিৰ সহ: সাধাৰণ সম্পাদক পদুম প্ৰসাদ শইকীয়া আৰু নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ সদস্য অনুপ বৰুৱা আৰু হৰেন নাথ উপস্থিত থাকি বিহু সম্পৰ্কত বিস্তৃত বাখ্যা আগবঢ়ায়। পুৰণিগুদামৰ জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা সভাখনৰ মাজে মাজে বিহু কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহন কৰা প্ৰশিক্ষাৰ্থী সকলে বিহু নৃত্য, ঢোলবাদন, যোগাসন, দিহানাম আৰু কৃষ্ণ নৃত্য প্ৰৰ্দশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিশিষ্ট অভিনেতা তৰুণ চন্দ্ৰ শইকীয়া, যুৱ নেতা শ্যামন্ত কাশ্যপ, বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুকিবুৰ ৰহমান, শিক্ষয়ত্ৰী বুলু বৰা, ৰেণু হাজৰিকা আৰু ললিত শইকীয়া উপস্থিত থকা সভাখনত কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ৰাজু শইকীয়া আৰু সহ: প্ৰশিক্ষক নিতুল হাজৰিকাক পুৰণিগুদাম প্ৰেছ ক্লাৱ আৰু হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে পুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকীয়ে। বন্তি প্ৰজ্জ্বলন কৰে হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সভাপতি মনমোহন বৰকটকীয়ে। অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মান প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close