স্বাস্থ্য

বেছিদিনলৈ মাতৃদুগ্ধ পান কৰা শিশুৰ দাঁতৰ সমস্যা অধিক

হেল্থ ডেস্ক, প্ৰথম খবৰ: বেছি দিনলৈ মাতৃদুগ্ধ পান কৰা শিশুৰ দাঁতৰ সমস্যাত ভোগাৰ প্ৰৱণতা অধিক। শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। দুবছৰ বা ততোধিক বয়সলৈকে দুগ্ধপান কৰা শিশুৱে দন্তক্ষয় বা দাঁত পোকে খোৱা সমস্যাত ভুগিব পাৰে। অষ্ট্ৰেলিয়াৰ এডেলেইড বিশ্ববিদ্যালয়ৰ কাৰেন গ্লেজাৰ পেৰেছৰ নেতৃত্বত ব্ৰাজিলৰ পেল’টাছত কৰা এক গৱেষণাত এই তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। গৱেষক দলটোৱে ১১২৯টি শিশুৰ ওপৰত অধ্যয়ন চলাই এই কথা প্ৰকাশ কৰিছে। গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে পাঁচ বছৰ বয়সলৈ মাতৃদুগ্ধ পান কৰা ২৪ শতাংশ শিশুৱে দন্তক্ষয়ৰ সমস্যাৰ সন্মুখীন হয়। দুবছৰলৈ দুগ্ধপান কৰা শিশুৰ ক্ষেত্ৰতো এই সমস্যা দেখা যায়। কিন্তু ১৩ৰপৰা ২৩ মাহলৈ দুগ্ধপান কৰোৱা শিশুৰ কোনো সমস্যা দেখা নাযায়।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close