অসম

বৈঠালাংছ’ত অপহৃত কিশোৰী উদ্ধাৰ, অপহৰণকাৰী জে’ললৈ

প্ৰথম খবৰ, বৈঠালাংছ’: সম্পূৰ্ণ এমাহৰ পিছত বৈঠালাংছ’ আৰক্ষীয়ে উদ্ধাৰ কৰিলে এগৰাকী অপহৃত কিশোৰীক। বিগত আঠ মে’ত পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ ৩ নং তামুলবাৰী গাঁৱৰপৰা এগৰাকী কিশোৰীক অপহৰণ কৰি নিছিল দুৰ্বৃত্তই। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান কৰিছিল যদিও এমাহে সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী। অৱশেষত বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে আজি বৈঠালাংছ’ বজাৰৰপৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, ঘটনাৰ মূল অভিযুক্ত প্ৰণৱ শইকীয়া নামৰ যুৱকজনক হামৰেণ জে’ললৈ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Close