অসমশীৰ্ষ

বৈঠালাংছ’ত বনদস্যু বিৰাপ্পানৰ সন্ত্ৰাস, কথমপি প্ৰাণৰক্ষা প্ৰথম খবৰৰ সাংবাদিক-বনকৰ্মীৰ

কৰ সংগ্ৰহৰ গেট ভাঙি পলায়ন বন মাফিয়াৰ

প্ৰথম খবৰ, বৈঠালাংছ’: পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ বৈঠালাংছ’ত বনদস্যুৱে সৃষ্টি কৰিছে আতংকৰ। বন মাফিয়াই মূল্যৱান গছ কাটি নিশাৰ ভাগত বিভিন্ন অঞ্চললৈ অবৈধভাৱে চালান দি আহিছে। বৰাপানী বনাঞ্চল একপ্ৰকাৰ তহিলং কৰি এতিয়া পাহাৰলৈও চকু দিছে মাফিয়াৰ দলে।

নগাঁও জিলাৰ কছুৱাৰ বন মাফিয়া আৰফান আলী ওৰফে বিৰাপ্পানে শনিবাৰে নিশা প্ৰায় ১১ বজাত এএছ ০২ ই ৫৪৭২ আৰু এএছ ০২ এচি ২৫৯০ নম্বৰৰ টাটা ম’বাইল গাড়ী দুখনেৰে চেগুণ বোজাই কৰি কচুৱাৰ দিশে গতি কৰিছিল। এই খবৰ লাভ কৰাৰ পিছত বৈঠালাংছ’ৰ উপ খণ্ড বন কাৰ্যালয়ৰ বিষয়া হেমাৰী টেৰণ আৰু ফৰেষ্ট গাৰ্ড চিত্ৰ বাহাদুৰ নেৱাৰে সাহসেৰে গাড়ী দুখন হাৱাইগাঁৱত আগচি ধৰে।

আনহাতে পিছে পিছে আহি থকা বিৰাপ্পান ওৰফে আৰফানে বন বিষয়াৰ লগতে এই প্ৰতিবেদকক টকাৰে মেনেজ কৰিব বিচাৰে। কিন্তু মেনেজৰ বাবে অসমৰ্থ হোৱা বিৰাপ্পানে গাড়ী ষ্টাৰ্ট কৰি মহতিয়াই হত্যা কৰাৰ ভাবুকি দিয়ে বনবিষয়া-কৰ্মী আৰু সাংবাদিকগৰাকীক। তীব্ৰবেগত চলাই অহা টাটা ম’বাইলৰত আগৰপৰা দৌৰি কথমপি প্ৰাণৰক্ষা কৰে তিনিওজনে। ইফালে কাৰ্বি পৰিষদৰ কৰ সংগ্ৰহ কৰা গেটো ভাঙি থৈ যায় বিৰাপ্পানে। এই সমস্ত ঘটনা সন্দৰ্ভত বন বিভাগে বৈঠালাংছ’ থানাত এক গোচৰ ৰুজু কৰিছে।

Related Articles

Leave a Reply

Close