অসম

বোকাজানত কিশোৰীক ধৰ্ষণ

প্ৰথম খবৰ,বোকাজন: পাহাৰীয়া জিলা কাৰ্বিআংলংৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটিত কালি সংঘটিত হয় এক জঘন্য ঘটনা। দুই নৰপিশাচে নিজৰ দেহৰ কামনাৰ ভোক নিবাৰণ বাবে বলি লয় এগৰাকী ১৫ বছৰীয়া কিশোৰীক। প্ৰাপ্ত খবৰ অনুযায়ী কিশোৰীগৰাকীয়ে কালি বিয়লি চৰিবলৈ যোৱা নিজঘৰৰ গৰু আনিবলৈ ঘৰৰ পৰা কিছু নিলগলৈ উলাই গৈছিল ৷ বিনোদ মাহাতু আৰু কালু নামৰ এই দুই নৰপিশাচে কিশোৰীগৰাকীক নিজান ঠাই এডোখৰত কোনো নথকাৰ সুযোগ লৈ এই বৰ্বৰ ঘটনা সংঘটিত কৰে ৷ কিশোৰীগৰাকীয়ে পাছত ঘৰৰ পৰিয়ালক উক্ত ঘটনাৰ বিষয়ে সবিশেষ জনাই আৰু পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত বিনোদক ধৰি খটখটি আৰক্ষীক গতাই দিয়ে যদিও কালু বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close