অসম

বঢ়মপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন, এহেজাৰ গছপুলি ৰোপন বঢ়মপুৰ প্ৰেছ ক্লাৱৰ

প্ৰথম খবৰ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱে আজি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিবস উদযাপন কৰে। নগাঁও জিলাৰ সমীপৱৰ্তী উৰিয়াগাঁৱত প্ৰতিষ্ঠা দিৱস উপলক্ষে ক্লাৱৰ সভাপতি নিপুল বৰাই পুৱা পতাকা উত্তোলন কৰাৰ পাছতেই জীৱন চন্দ্ৰ শইকীয়াই প্ৰেছ ক্লাৱৰ নতুন গৃহৰ দ্বাৰ উন্মোচন কৰে। কাৰ্যসূচী অনুসৰি নতুন গৃহৰ দ্বাৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হোৱা পাছতেই বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত এখনি সজাগতামূলক সভা আৰু বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়। জীৱন চন্দ্ৰ শইকীয়াৰ সভাপত্বিতত অনুষ্ঠিত হোৱা সভাখনত নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক কংকনজ্যোতি শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে নগাঁও জিলাৰ অগপৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰা, নগাঁও জিলা অগপৰ বিষয়ববীয়া কুলেন বৰা, মিছ ইণ্ডিয়া খিতাপ অৰ্জণ কৰা স্মৃতা ৰাণী বৰা, সাংবাদিক মোলান লস্কৰ, বঢ়মপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিলাক্ষী কাকতিকে ধৰি বহু কেইজন সাংবাদিক আৰু বহু গন্য মান্য ব্যক্তি সভাখনত উপস্থিত থাকে। বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনত উপস্থিত থকা আমন্ত্ৰিত অতিথি সকলে ভাষণ প্ৰসংগত বঢ়মপুৰ প্ৰেছ ক্লাৱে সময়ে সময়ে সমাজৰ স্বাৰ্থত গ্ৰহণ কৰি অহা কাৰ্যসূচী সমূহৰ শলাগ লয়। সভাৰ অন্তত বৃক্ষৰোপন কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক কংকনজ্যোতি শইকীয়াই। ইয়াৰ পাছতেই বঢ়মপুৰ প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তা সকলে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত প্ৰায় এহেজাৰ গছ পুলি ৰোপন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক গছপুলি প্ৰদান কৰে। উল্লেখ্য যে, বঢ়মপুৰ প্ৰেছ ক্লাৱে গ্ৰহণ কৰা বৃক্ষৰোপন কাৰ্যসূচীত বঢ়মপুৰৰ ৰাইজে বিশেষভাৱে সহযোগিতা আগবঢ়ায়।

Related Articles

Leave a Reply

Close