অসমশীৰ্ষ

বৰক্ষেত্ৰীত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা

প্ৰথম খবৰ, মুকালমুৱা: আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰক্ষেত্ৰীত আজি বিজেপিয়ে আৰম্ভ কৰিলে নিৰ্বাচনৰ ৰণশিঙা৷ আজি বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা-নাৰায়নপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নাৰায়নপুৰত বিজেপিৰ এখন ৰাজহুৱা সভাৰ জড়িয়তে বৰক্ষেত্ৰী বিজেপিয়ে আৰম্ভ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান৷ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰা উক্ত ৰাজহুৱা সভাত মুকালমুৱা-নাৰায়ণপুৰ পঞ্চায়তৰ প্ৰায় শতাধিক কংগ্ৰেছ দলৰ কৰ্মী তথা সমৰ্থকে বিজেপিত যোগদান কৰাত আগন্তক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে আৰু অধিক শক্তি লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক নাৰায়ণ ডেকাই৷

উল্লেখযোগ্য যে মুকালমুৱা-নাৰায়ণপুৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ ভোট বেংক বুলি পৰিচিত হোৱাৰ পিছত আজি এনেদৰে কংগ্ৰেছ দলৰ কৰ্মী তথা সমৰ্থকসকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাত বৰক্ষেত্ৰীত কংগ্ৰেছ দলৰ মোক্ষম আঘাত হনাৰ কথা চৰ্চালৈ আহে৷ ইপিনে প্ৰাক্তন কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকলে গেৰুৱা বসন পিন্ধাৰ পিছত ৰাজহুৱা সভাস্থলীত ভাৰত মা কি জয় ধ্বন্নি শ্লোগানেৰে সভা সম্পন্ন কৰে৷

Related Articles

Leave a Reply

Close