অসম

বৰক্ষেত্ৰীৰ মুগদিত লংকা কাণ্ড

প্ৰথম খবৰ, মুকালমুৱা: পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ব্যাগোম দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি আজি লংকা-কাণ্ডৰ সৃষ্টি হয় বৰক্ষেত্ৰীৰ মুগদিত৷ ৫৬ নং মুগদি-ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী খৰ্গেশ্বৰী বড়োৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি পঞ্চায়তৰ কাৰ্য্যালয়ৰ কোঠাত সভানেত্ৰীগৰাকীক তলা বন্ধ কৰি কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতি ইমানে ভয়ানক আছিল যে বৰক্ষেত্ৰী আৰক্ষী-প্ৰশাসনৰ চকুৰ সম্মুখতে পঞ্চায়ত কাৰ্য্যালয় এফালৰ পৰা ভাঙি চুৰ-মাৰ কৰিছিল উত্তেজিত ৰাইজে৷ ক্ষুব্ধ ৰাইজৰ ৰনচণ্ডী ৰূপত স্তব্ধ হৈ পৰিছিল আৰক্ষী প্ৰশাসন। ৩ ঘণ্টাতকৈ অধিক সময় ধৰি উত্তপ্ত হৈ থকাৰ পিছত অৱশেষত পঞ্চায়ত সভানেত্ৰীজনীয়ে ৰাইজৰ সম্মুখত ৰাজহুৱা ক্ষমা বিচৰাৰ পিছতহে পৰিস্থিতি শান্ত হয় ৷ পিছত মুকালমুৱা আৰক্ষীয়ে সভানেত্ৰী খৰ্গেশ্বৰী বড়োক সুৰক্ষাৰ বাবে মুকালমুৱা আৰক্ষীয়ে থানালৈ লৈ আহে ৷ উল্লেখযোগ্য যে, ৫৬ নং মুগদি-ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী খৰ্গেশ্বৰী বড়োই চৰকাৰী যিকোনো এটা অনুদান বাবে হিটাধিকাৰীৰ পৰা বিচাৰিছিল শকত ধনৰ টোপোলা যাৰ ফলতে আজি কাৰ্য্যালয়ত লংকা-কাণ্ডৰ সৃষ্টি হয় ৷ প্ৰায় ৬ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ পঞ্চায়তৰ কাৰ্য্যালয়টোৰ বৃহৎ ক্ষতি সাধন হয় ৷ ক্ষুব্ধ ৰাইজে পৰিৱৰ্তনকামী চৰকাৰখনকো সমলোচনা কৰি কয় যে পৰিৱৰ্তনৰ শ্লোগান দি ৰাজ্যত চৰকাৰ গঠন কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এয়াই নেকি পৰিৱৰ্তন আৰু এয়া যদি পৰিৱৰ্তন হয় তেন্তে আগন্তক পঞ্চায়ত নিৰ্বাচনত চৰকাৰক ৰাইজে দিব উচিত শিক্ষা এই বুলি মন্তব্য কৰে ক্ষুব্ধ ৰাইজে।

Related Articles

Leave a Reply

Close