অসম

বৰপেটাৰোডত চিকিৎসক দিৱসত ৰক্ত দান শিবিৰ

প্ৰথম খবৰ,বৰপেটাৰোড: সমগ্ৰ দেশতে পালন কৰা ৰাষ্ট্রীয় চিকিৎসক দিৱস আজি বৰপেটাৰোডটো পালন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ বৰপেটাৰোড শাখাৰ উদ্যোগত পালন এই দিৱসৰ শুভ উদ্বোধন কৰে বৰপেটা শাখাৰ সভাপতি ডাঃ ৰনদেৱ দাসে। ৰাষ্ট্রীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি এটি ৰক্ত দান শিবিৰৰো আয়োজন কৰা হয়। উক্ত ৰক্ত দান শিবিৰটো পৰিচালনা কৰে ডাঃ পৰেশ কলিতা , ডাঃ দ্বিজেন ৰামছিয়াৰী, ডাঃ মনোজ চৌধুৰী, ডাঃ বাবলু দাস আৰু ডাঃ প্ৰদীপ ৰাজবংশীয়ে। সন্ধিয়া সম্বর্ধনা সভাৰ লগতে এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

Related Articles

Leave a Reply

Close