অসম

বৰপেটাৰোড থানাত মাতাল কিশোৰী, জ্বলাকলা খালে আৰক্ষী

প্ৰথম খবৰ, বৰপেটাৰোড: এগৰাকী মাতাল কিশোৰীক লৈ যোৱা নিশা বাৰুকৈয়ে জ্বলাকলা খাব লগা হ’ল বৰপেটাৰোড থানাৰ আৰক্ষীৰ লোক সকল। প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ৯ মান বজাত আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত টহল দি থাকোতে কলহভাঙ্গাৰ চাইনবোৰ্ডৰ কাষত সম্পূৰ্ণ মাতাল অৱস্থাত এজন যুৱক আৰু এজনী কিশোৰীক পাই দুয়োকে থানালৈ লৈ আনে। যুৱকজন কিছু সুস্থ অৱস্থাত আছিল যদিও কিশোৰী গৰাকী সম্পূৰ্ণ মাতাল অৱস্থাত থকাৰ বাবে দুয়োকে কিছু সময় জিৰণি ল’বলৈ দি পিছত চিকিৎসালয়ত নি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। পিছত দুয়ো কিছু সুস্থ হোৱাত মহিলা আৰক্ষীৰ হতুৱাই কিশোৰী গৰাকীক সোধপোছ কৰাত ১৩ বছৰীয়া কিশোৰী গৰাকীয়ে কলহভাঙ্গাত মদ্যপান কৰা বুলি কয়। লগতে তেওঁ কয়াকুছিৰ বুনবাহাৰ গাঁৱৰ এক ইছলামিক পৰিয়ালৰ সন্তান বুলি জনায়। আনহাতে যুৱকজনে তেওঁৰ নাম হাছমত আলি আৰু ঘৰ বৰপেটাৰোডৰ কলহভাঙ্গাৰ চাইনবোৰ্ডত বুলি আৰক্ষীক জনায়। মাজ নিশালৈ মদৰ নিচাত লেবেজান হৈ থকা কিশোৰী গৰাকীক মহিলা আৰক্ষী সকলে খোৱা খাদ্যৰ যোগান ধৰাৰ লগতে তেওঁলোকৰ তত্বাৱধানত জিৰণি লোৱাৰ ব্যৱস্থা কৰি দিয়ে। মাজ নিশা এই প্ৰতিবেদকে ঘটনাটোৰ সম্পৰ্কত অ চি তপন কলিতাক লগ ধৰাত তেওঁ কয়- একাংশ নৱ প্ৰজন্মৰ কথাই বৰ চিন্তিত কৰি তুলিছে। ভাবিবই নোৱাৰি এনেকুৱা বয়সতে যে কোনোবা কিশোৰীয়ে মদ্যপান কৰিব পাৰে। কথাই বতৰাই সুন্দৰ কিশোৰী গৰাকীৰ এনে কৰ্ম কাণ্ডই সমাজলৈ এক খুব চিন্তনীয় বাৰ্তা প্ৰেৰণ কৰিব। বৰ্তমান সমগ্ৰ দেশতে বিপথে যোৱা কিশোৰ- কিশোৰী সকলৰ কল্যাণৰ বাবে “মুছকান” নামৰ আৰক্ষীৰ এক অভিযান চলি আছে। সেয়ে এইক্ষেত্ৰত আৰক্ষীক সহায় কৰি উঠি অহা প্ৰজন্মৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close