অসম

বৰপেটাৰোড বিদ্যুৎ বিভাগৰ দায়িত্বহীন কাণ্ড: এজন গুৰুতৰভাৱে আহত

প্ৰথম খবৰ, বৰপেটাৰোড: গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ দায়িত্বহীন কৰ্মকাণ্ডৰ বাবে কেইবাজনো লোকৰ শেহতীয়াকৈ মৃত্যু হোৱাৰ পিছতো কোনো শিক্ষা নহ’ল বৰপেটাৰোডৰ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ। আজি তেনে এক ঘটনাই ঘটাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, আনন্দ বজাৰৰ সমীপৰ ভৌকুৱামাৰীত উচ্চ শক্তি সম্পন্ন বিদ্যুতৰ তাঁৰ চিঙি যোৱাত মেৰামতিৰ বাবে গৈছিল লাইনমেন পৱন বসুমতাৰীৰ নেতৃত্বত এটি দল। নিয়ম মতে, বসুমতাৰীয়ে লাইনটোৰ মেৰামতি কৰিব লাগে যদিও তাকে নকৰি দিন হাজিৰা ভিত্তিত অস্থায়ী হিচাবে কাম কৰি থকা তথা কাৰিকৰী জ্ঞান নথকা ধনঞ্জয় দাস (৪০বছৰ) লোক জনক লাইন মেৰামতিৰ বাবে বিদ্যুতৰ খুটাত উঠাই দিয়ে। দাসে ওপৰলৈ যাওঁতে তেওঁৰ শৰীৰত বিদ্যুৎ প্ৰবাহিত হৈ থকা তাঁৰ লগাৰ লগে লগে বিদ্যুৎস্পৃষ্ট হৈ তেওঁক মাটিলৈ পেলাই দিয়ে। ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। পিছত তেওঁক বৰপেটাৰোড চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় আৰু বৰ্তমান তেওঁ সংকটমুক্ত। উল্লেখ্য যে, কেইমাহমান এজন কেজুৱেল যুৱ কৰ্মচাৰীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল।

Related Articles

Leave a Reply

Close