অসম

বৰপেটাৰ খংৰাত অজগৰ উদ্ধাৰ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খংৰাত এডাল অজগৰ সাপ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।জানিব পৰা মতে কালি সন্ধিয়া খংৰাৰ আলাল উদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে অজগৰ সাপডাল ধৰিবলৈ সক্ষম হয়।অজগৰ সাপডাল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহি আলাল উদ্দিনৰ পৰিয়ালৰ প্ৰায় ১২ টা হাঁহ ভক্ষণ কৰাৰ পিছত আলাল উদ্দিনে অজগৰ সাপ ডাল ধৰি থয় ।আজি আবেলি তাৰাবাৰী আৰক্ষী থানাত খবৰ দিয়াত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৎ ৰয়ৰ নেতৃত্বত এটি আৰক্ষীৰ দলে আলাল উদ্দিনৰ ঘৰৰ পৰা অজগৰ ডাল লৈ যায় আৰু আৰক্ষীয়ে সাপডাল বন বিভাগক চমজাই দিব বুলি জানিব পৰা গৈছে ।উল্লেখ্য যে অজগৰ ডাল প্ৰায় ১০ ফুট দীঘল আৰু ৮ কিঃগ্ৰাঃ ওজন হ’ব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close