অসম

বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় চলাইছে চকীদাৰে

প্ৰথম খবৰ,বৰভাগ: এন আৰ চি উন্নীতকৰণৰ কামৰ সুযোগ লৈ বিভিন্ন কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে আজি এটা সাংবাদিকৰ দল বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পত উপস্থিত হোৱাত অকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জইনুৰুদ্দিন আহমেদৰ বাদে কোনো কৰ্মচাৰীয়ে ১২বজালৈ উপস্থিত হোৱা দেখা পোৱা নগ’ল ৷ সাংবাদিকৰ দলটো উপস্থিত হোৱা গম পাই ততাতৈয়াকৈ চি ডি পি অ বাণী শইকীয়া,নিম্নবৰ্গৰ সহায়ক মজনুৰ আলী আৰু পৰিসংখ্যক সহায়ক ৰূপক চৌধুৰী কাৰ্যালয়টোত উপস্থিত হয় ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ কথাৰ বিসংগতিয়ে স্তম্ভিত কৰি তোলে সাংবাদিকৰ দলটোক ৷ চি ডি পি অ’ই জনোৱামতে তেওঁলোক হেনো NRC ৰ কামৰ বাবেহে কাৰ্যালয়ত উপস্থিত থাকিব পৰা নাই ৷ বৰভাগ উন্নয়ন খণ্ডটোৰ এটা গৃহত কামকাজ চলাই থকা শিশু উন্নয়ন খণ্ডটো এনেদৰে পালমৰা ধৰণে চলি থকা বুলি প্ৰায়ে অভিযোগ উত্থাপিত হৈ আহিছে ৷ কৰ্মসংস্কৃতিৰ কথা কৈ অহা পৰিৱৰ্তনকামী চৰকাৰখনৰ এইক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেইটো এইসময়ত লাখটকীয়া প্ৰশ্ন ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close