অসম

বৰমাত ব্যৱসায়ীৰ গ্ৰাহকৰ মুৰত ৰামটাঙন, চেনীৰ মুল্য প্ৰতি কিলোত ৫৫ টকালৈ বৃদ্ধি

প্ৰথম খবৰ, বৰমা: চৰকাৰে এক দেশ এক কৰ নীতি অৱলম্বন কৰি জি.এচ.টি প্ৰৱৰ্তন কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য হ্ৰাস হোৱা বুলি ঘোষনা কৰিলেও বাক্সা জিলাৰ বৰমাত কিছুকিছু সামগ্ৰীৰ মুল্য বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহিছে। বাক্সা জিলাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে গ্ৰাহকৰ ওপৰত চলাইছে লুণ্ঠন ৰাজ৷ বৰমাত জি.এচ.টি প্ৰৱৰ্তনৰ পূৰ্বে চেনীৰ প্ৰতি কেজিত দাম আছিল বিয়াল্লিচ টকা। কিন্তু জি.এচ.টি প্ৰৱৰ্তনৰ পিচত চেনীৰ দাম পালেগৈ প্ৰতি কেজিত ৫৫ টকা।ৰাইজে জি.এচ.টি প্ৰৱৰ্তনৰ পিচত খাদ্য সামগ্ৰীৰ দাম কমিব বুলি আশা কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত এখন বিপৰীত ছবিহে দেখা পোৱা গৈছে। জানিব পৰা মতে, একাংশ দালাল চক্ৰই বস্তুৰ যোগান কমাই দি বৃহৎ কলাবজাৰৰ সৃষ্টি কৰিছে। যোগান বিভাগে চকুমুদা কুলিৰ ভাও লোৱাত ব্যৱসায়ীয়ে গ্ৰাহকৰ ওপৰত মাধমাৰ সোধাই থকা বুলি একাংশ লোকে অভিযোগ কৰে৷ আনকি যোগান বিভাগক মেনেজ কৰি ব্যৱসায়ীসকলে নিজৰ খেয়াল খুচি মতে ব্যৱসায় চলায় যোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close