বিনোদনশীৰ্ষসাক্ষাৎকাৰ

ভোটাৰ আইডি নোহোৱা শিল্পী ভৃগু কাশ্যপৰ প্ৰতিদ্বন্দ্বীও নাই, শত্ৰুও নাই

কণ্ঠশিল্পী ভৃগু কাশ্যপক শীঘ্ৰে অভিনেতাৰ ৰূপতো দেখা যাব। তেওঁ জনপ্ৰিয়। জনপ্ৰিয়তাৰ সমান্তৰালভাৱে তেওঁলৈ তৰ্জনীও নিক্ষেপ কৰা হৈছে। প্ৰিয়ংকা ভৰালীৰ কান্ধত ভৰ দি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল নেকি? কুম্ভিলক বৃত্তিৰ অভিযোগো আছে তেওঁৰ বিপৰীতে। আচল কথাবোৰ কি? সকলো প্ৰশ্ন শিল্পীগৰাকীক বলিষ্ঠভাৱে সুধিছিল প্ৰথম খবৰৰ সাংবাদিক বৰ্ষাজ্যোতি দাস আৰু জোনমণি দাসে।

আপোনাৰ জন্ম আৰু শিক্ষা জীৱনৰ বিষয়ে কওক।

মোৰ জন্ম ডিফুত। স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলো ডিফুত।তাৰ পিছত গুৱাহাটীৰ এছ বি দেওৰা কলেজত।

কেতিয়াৰপৰা গান গাবলৈ ল’লে?

জীৱনটোত দুটাই ইচ্ছা আছিল। প্ৰথমটো ক্ৰিকেটাৰ হোৱা আৰু দ্বিতীয়টো গায়ক হোৱা। ক্ৰিকেট খেলা বাদ দিব লগা হ’ল বিশেষ এটা কাৰণত। গান গোৱাটোৱে মোৰ পেছন আছিল। প্ৰফেছনেলী ল’লোঁ। সৰুৰপৰা মই পঢ়াত খুব এটা ভাল নাছিলো। এটাই কাম আছিল মোৰ। গান গাৱাটো। এই কথাটো যেতিয়া মাহঁতে গম পালে, তেতিয়া ভাবিলে মই পাৰিম বুলি। আৰু আগুৱাই যোৱাত সহায় কৰিলে।

সংগীতৰ ক্ষেত্রত আনুষ্ঠানিক শিক্ষা ক’ত লৈছিল?

ঘৰতেই মোৰ এটা খুব ধুনীয়া পৰিৱেশ আছিল। গতিকে আগবাঢ়ি অহাৰ প্ৰথমটো স্তৰ মোৰ ঘৰখনেই আছিল।

আপোনাৰ কেৰিয়াৰত ঘৰখনৰ সহায় সহযোগিতা কেনেকুৱা ?

যিমানলৈকে মই আগুৱাই আহিছোঁ সেইখিনি কেৱল সম্ভৱ হৈছে মোৰ মা-দেউতাৰ কাৰণে। যেতিয়া গুৱাহাটীলৈ আহিম বুলি কৈছিলো, ২০০৩ চনত, তেতিয়া মাই বিচাৰিছিল মই গুৱাহাটীলৈ গুচি অহাটো। গতিকে ঘৰখনৰ সহযোগিতা নিশ্চয় আছে।

আজিকালিৰ সস্তীয়া গীতৰ বিতৰ্ক সম্পৰ্কে কি ক’ব?

সস্তীয়া গীতৰ সৃষ্টি হৈছে অল্পবিদ্যা ভয়ংকৰ কথাটোৰপৰা। সংগীতজ্ঞ বুলি নকওঁ, এচাম লোক আছে যিয়ে সংগীতক বতাহৰ লগত জড়িত কৰিব বিচাৰে। খুব সহজে বিনা কষ্টৰে সফলতা অৰ্জন কৰিব বিচাৰে। সাধনা কম কৰে। যাৰ ফলত তেনেকুৱা ধৰণৰ গানৰ সৃষ্টি হয়। তেখেতসকলে সেইখিনি সময়ত কেৱল নিজৰ কথা ভাবে। সমাজত তাৰ কি প্ৰভাৱ পৰিব বা সমাজৰ প্ৰতি শিল্পীৰ দায়বদ্ধতা সেইবোৰ কথাৰ পৰা তেওঁলোক আঁতৰি যায়। এনেবোৰ কথাৰ কাৰণেই তেনেকুৱা গানৰ সৃষ্টি হৈছে।

গ্লেমাৰ আৰু সংগীত বৰ্তমান একেটা শাৰীতে পৰিছে। কথাটো হয় নেকি ?

নিশ্চয়! আজিকালি মই বহুত দেখোঁ। আমাক যেতিয়া কোনোবা এজন ব্যক্তিয়ে ফোন কৰে আৰু কয় যে মোক এটা হিট গান কৰি দিব লাগিব, তেতিয়া মই কওঁ যে এজন মাতৃ বা পিতৃৰ কাৰণে তেওঁলোকৰ আটাইকেইটা সন্তানে মৰমৰ হয়। এজন ডাক্তৰ হ’ল বুলিয়েই তেওঁক বেছিকৈ মৰম কৰি আনজন যদি এক্টৰ হয় তেওঁক কম কৈ মৰম কৰাটো নুবুজায়। মই  মোৰ আটাইবোৰ গানতে সমানে কষ্ট কৰোঁ, খুব গুৰুত্ব দিওঁ। গানটো যাতে আগৰ গানবোৰতকৈও ভাল হয়। তাৰ ভিতৰত কোনোবা এটা ৰাইজে বেছি ভালকৈ আদৰি লয়। It does not mean, আমি গানটো হিট হ’বলৈ বনাম। গতিকে বহুতকে দেখো যে কেৱল গ্লেমাৰৰ বাবেহে খুব কম সময়ৰ ভিতৰত এটা গীতৰ সৃষ্টি কৰে।

ফিউজন বা ৰিমিক্স কিমানদূৰ গ্ৰহণযোগ্য বা প্ৰকৃত গীতটোৱে কিমান ন্যায় পায় ফিউজন কৰিলে?

ৰিমেক কৰিব লাগে। কিন্তু যিগৰাকী ব্যক্তিৰ গান ৰিমেক কৰিলোঁ, তেখেতৰ যিটো সৃষ্টিশীলতা, সেইটোৰ যাতে কেতিয়াও হানি নহয় সেইখিনিৰ প্ৰতি মন কৰিব লাগে। অৰিজিনেল কণ্টেণ্টটো ৰাখি আমি মিউজিক প্ৰডিউজ কৰিব পাৰোঁ। সেইটো অজিকালি এটা ট্ৰেণ্ডো হৈছে। সেইটো এটা ভাল প্ৰচেছ। যিবোৰ গীত আমি পাহৰি গৈছোঁ, সেই গানবোৰক আমি ৰি-গেইন কৰিব পাৰোঁঁ। ৰি-ক্ৰিয়েট কৰিব পাৰোঁ। কিন্তু সেই গানটোক যদি আমি বিকৃত কৰোঁ, তেন্তে সেইটো সমাজৰ কাৰণে বেয়া। নতুন প্ৰজন্মৰ কাৰণেও বেয়া।

ৰাজনৈতিক ক্ষেত্রলৈ যোৱাৰ কিবা পৰিকল্পনা আছে নেকি?

এটা কথাই আজিলৈকে মোৰ সৌভাগ্য হোৱা নাই। মোৰ এতিয়া ২৯ বছৰ হ’ল। কিন্তু মোৰ আজিলৈকে ভোটাৰ আইডি নাই। এইটো নোহোৱাৰ কাৰণে আজিলৈকে ভোটদান কৰিব পৰা নাই।

অকল ৰাজনৈতিক ক্ষেত্রখনতে নহয় মই মোৰ ব্যক্তিগত জীৱনতো খুব নিৰপেক্ষ। মই যাক ভালপাওঁ বা যিটো বস্তু ভালপাওঁ, মই স্বীকাৰ কৰোঁ। যদি মই বেয়া পাইছোঁ তেতিয়া কৈ দিওঁ মই আপোনাক ভালপোৱা নাই। গতিকে মই নিৰপেক্ষ,ৰাজনৈতিক ক্ষেত্রখনলৈ যোৱাৰ ইচ্ছা নাই ভৱিষ্যতলৈ।

অসমীয়া সংগীত বা অসমীয়া ছবিৰ প্ৰতি মানুহৰ মনত অনিহা কিয় জন্মিছে?

সৃষ্টিশীলতাৰ অভাৱ। আচল কথা আমি দৰ্শকক দোষ দি লাভ নাই। আমি এটা কথাত মন দিব লাগিব মানুহে কি বিচাৰে? দৰ্শকে কি চাব বিচাৰিছে কি জানিব বিচাৰিছে। আমি এইটো কথাত মন দিব লাগিব হিন্দী চিনেমা আমি কি কাৰণে চাওঁ? কাৰণ হিন্দী চিনেমা এখনত ৰুচি-অভিৰুচিৰ ওপৰত গুৰুত্ব দি কাম কৰে। আৰু সেই বস্তুখিনি আপডেট হৈ থাকে। আপডেট হৈ থকা কাৰণে আমি চাই ভালপাওঁ। কিন্তু যেতিয়া আমি অসমীয়া চিনেমাৰ কথালৈ আহোঁ বা অসমীয়া এলবাম, ভিচিডিৰ কথালৈ আহোঁ, নিৰ্মাতাই দৰ্শকৰ ৰুচিতকৈ নিজৰ ৰুচি-অভিৰুচিত বেছি গুৰুত্ব দিয়ে। যাৰ ফলত চিনেমাখন নচলে। দোষটো যায় দৰ্শকৰ ওপৰলৈ। কিন্তু দৰ্শকৰ গালৈ বোকা নচতিয়াই যদি দৰ্শকে বিচৰা ধৰণে চিনেমা নিৰ্মাণ কৰে তেন্তে চলিব। চলিছেও। অহেতুক চলিছে, দূৰদৰ্শন চলিছে, ৰামধেনুতো চুপাৰহিট। গতিকে চলিব।

লোক সংগীতৰ প্ৰচাৰক লৈ কি পদক্ষেপ গ্ৰহণ কৰিব?

আমি যেতিয়া লোক সংগীতৰ লগত জড়িত বা ফ’ক মিউজিক কৰিবলৈ লঁও, যেনেকৈ মিচিং ফ’ক আৰু অসমীয়া আধুনিক মিলাই ফিউজন এটা কৰোঁ, তাত বহুখিনি বিতৰ্কই আহে। মিচিং সংগীতত যদি ছোৱালীজনীক I LOVE YOU শব্দটো প্ৰয়োগ কৰি দিওঁ, তেতিয়া এনেকুৱা কথা আহিব পাৰে যে গানটো বিকৃত হৈছে। কিছুমান অলাগতিয়াল আলোচনা হয়। যাৰ ফলত আমাৰ দৰে শিল্পীয়ে বহুত কাম কৰিম বুলি ভাবিও কৰিব নোৱাৰোঁ। গতিকে মই ভাবো চৰ্চা তেতিয়া হ’ব, যেতিয়া বিতৰ্ক নাথাকিব। প্ৰত্যেকটো গীতত যদি বিতৰ্ক থাকে চৰ্চা ক’ত হ’ব। আৰম্ভ নহওতেই স্থগিত হৈ ৰয় কথাটো। গতিকে মই ভাবোঁ, যি কেইগৰাকী মানুহে তেনেকুৱা ধৰণৰ কাম কৰি ভাল পায় তেনেকুৱা কাম কৰি যাব লাগে।

বলিউডলৈ ঢাপলি মেলাৰ পৰিকল্পনা আছে নেকি?

মোৰ লাইফত এটাই ইচ্ছা আছে। অসমত যেতিয়া মই ১০০ শতাংশ সফল হ’ম, অসমৰ কাৰণে যেতিয়া যথেষ্ট কাম কৰিব পাৰিম, তাৰ পিছত মই বলিউডলৈ ঢাপলি মেলিম। মই জানোঁ যে অসমত মোক কেৱল ৫০ শতাংশ মানুহে চিনি পায়। ৫০ শতাংশ মানুহ বাকী আছে মোক চিনি পাবলৈ। গতিকে মই নিজে ভাবোঁ, এই ৫০ শতাংশ মানুহে চিনি পাবলৈ কমেও মোক পাঁচ বছৰ সময় লাগিব। সেই পাঁচ বছৰৰ পিছত মই হয়তো বলিউডত কাম কৰিবলৈ চেষ্টা কৰিম।

আপুনি জীৱনত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ?

প্ৰত্যাহ্বান মই নিজেই।মোৰ কেৰিয়াৰত কোনো শত্ৰু নাই আৰু প্ৰতিদ্বন্দ্বী নাই।

মই কাকো প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ। শত্ৰু বুলিও নাভাবোঁ। মোৰ কেৰিয়াৰৰ যিডাল গ্ৰাফ, সেইডাল মই নিজে আকোঁ। মই যদি কেতিয়াবা নিজকে তুলনা কৰিব লগা হয়, মোৰ নিজৰ লগতেই তুলনা কৰিম। যোৱা বছৰ যদি মোৰ দুটা গান হিট হৈছিল, এইবছৰ মোৰ পাঁচটা গান হিট হ’ব লাগিব।

ভাল হ’ব লাগিব। এইবছৰ যদি পাঁচটা গান ভাল হৈছে, অহাবছৰলৈ সাতটা গান হিট হ’ব লাগিব। গতিকে বেলেগে কি কৰিছে সেইটো মই চাবলগীয়া কথা নহয়। কোনোবাই ভাল কাম কৰিছে, ৰাইজে আদৰি লৈছে। যদি মই ভাল কৰিছোঁ, মোকো ৰাইজে আদৰি ল’বই। আদৰি লোৱাৰ পিছত ৰাইজৰ আশা বাঢ়ি যায়। গতিকে মই যদি আনৰ লগত প্ৰতিযোগিতা কৰি থাকোঁ, তেন্তে নহ’ব। মোৰ নিজৰ কামত বেয়া প্ৰভাৱ পৰিব।

কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰে নেকি?

মই খুব অকলশৰীয়া। মোৰ দুখনেই ঠাই, য’ত মই থাকি ভালপাওঁ। প্ৰথম হ’ল মোৰ ঘৰ আৰু দ্বিতীয়তে মোৰ ষ্টুডিঅ’। মোৰ বন্ধু বুলিবলৈ তেনেকুৱা কোনো নাই। মই চিনেমা চাবলৈও অকলেই যাওঁ। মোৰ লগত হেংআউট কৰিবলৈ তেনে কোনো মানুহ নাই। মই এনেকৈ থাকিয়েই ভালপাওঁ।

‘অটোৱালা’ গানটো চুৰি কৰা বুলি আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত কি ক’ব?

হয়। দুই লাইন লৈছোঁ মই। প্ৰথম দুই লাইন লৈছোঁ আৰু সেই দুই লাইন লোৱাৰ বাবে যিগৰাকী গায়কে গীতটো গাইছিল তেওঁৰ পৰা অনুমতি লৈছিলোঁ। সঁচা কথা ক’বলৈ গ’লে মই গীতটোৰ দুলাইন গোৱাৰ পিছতহে তেওঁৰ গীতটো হিট হৈছিল। ‘অটোৱালা’ শুনাৰ পিছতহে মানুহে ‘হাড়িয়া দাৰু’ শুনিছিল। মোৰ গানটো জনপ্ৰিয় হোৱাৰ পিছতহে সেই গানটোৰ গায়কজনক মানুহে চিনি পাইছে, আচল কথা সেইটো। প্ৰথম দুই লাইন মোৰ ভাল লাগিছে। লৈছোঁ। যদি গান দুটা সম্পূৰ্ণকৈ শুনে, তেতিয়া গম পাব গান দুটা সম্পূৰ্ণ একে নহয়। গতিকে ইয়াত মোৰ লাজ কৰিবলগীয়া কথা একো নাই।

প্ৰিয়ংকা ভৰালীক ভৃগু কাশ্যপে জনপ্ৰিয়তা অৰ্জনৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হয়। কথাষাৰ সচাঁনে?

বিবেকহীন মানুহে এনেকুৱা ধৰণৰ কথাবোৰ ভাবিব পাৰে। কাৰণ প্ৰিয়ংকা ভৰালী যিমান জনপ্ৰিয়, সমান্তৰালভাৱে ময়ো সমানেই জনপ্ৰিয়। গানটো মই তেওঁক গোৱাইছিলোহে। তেওঁ আৰু মই খুৱ ভাল বন্ধু আছিলো। সেইটো সময়ত কোনোবা দুষ্ট চক্ৰই এই কামটো কৰিছিল বুলি মই ভাবোঁ। আমাৰ দুয়োজনক লৈ তৃতীয় পক্ষই হেতালি খেলিছিল। এই কথাবোৰ শাম কাটিলে। মই আদালতৰপৰা ‘ক্লিনশ্বিট’ পালো। ভৱিষ্যতে যদি সেই ব্যক্তিজন ওলায় যিয়ে এই কামটো কৰিছে, তেতিয়া এই বিষয়টো লক্ষণীয় হ’ব াৰু আইনে কি ব্যৱস্থা লয় সেয়াও লক্ষনীয় হ’ব।

গান গোৱা বাহিৰেও আপুনি আৰু কি কি কৰি ভাল পায়?

মোৰ যিহেতু তেনেকুৱা কোনো ফ্ৰেণ্ড নাই, তথাপি মোৰ খুব ভাল বন্ধু হ’ল মোৰ সহশিল্পীকেইগৰাকী। যিয়ে মোৰ গানত বাদ্যযন্ত্র বজায়। সিহঁতৰ লগত মই ফুৰিবলৈ যাওঁ।

বেছি জনসমুদ্ৰৰ মাজলৈ গৈ ভাল নাপাওঁ। যিহেতু মানুহে তিলকে তাল কৰে। জীৱনৰ অভিজ্ঞতাৰ পৰা বহুতো তেনেকুৱা ঘটনা পাইছো। গতিকে কিছুমান বস্তু মই এৰি চলোঁ।

আজৰি সময় পালেই মই লং ড্ৰাইভত যাওঁ। I love Shillong। কেতিয়াবা সময় পালে মই অকলেই শ্বিলঙলৈ গুছি যাওঁ। ৰাতি এক-দুই বজাতো অকলে যোৱা ৰেকৰ্ড আছে। মই নিজক লৈ ব্যস্ত থাকি ভালপাওঁ। যেতিয়া আজৰি পাওঁ, মোৰ গাড়ীখন, গীতাৰখন আৰু তৃতীয়তে শ্বিলংখন… এই তিনিটা বস্তুৰ লগতে সময় অতিবাহিত কৰোঁ।

আগলৈ কি প্লেন আছে?

প্লেন বহু আছে। চিনেমাৰ কাম আছে। নতুনকৈ জোনাকত অতি সোনকালে ছিৰিয়েল এখন প্ৰচাৰিত হ’ব। ‘অনামিকা’ নামৰ। সেইখন ছিৰিয়েলৰ সংগীতৰ সম্পূৰ্ণ দায়িত্ব মোৰ। টাইটেল ট্ৰেক, বেকগ্ৰাউণ্ড মিউজিক সকলো মই কৰিছোঁ। মুন্না আহমেদৰ ছবি এখন আহি আছে। তাতো কাম কৰিম। গতিকে ভালেকেইটা প্ৰজেক্টেই হাতত আছে।

অভিনেতা হিচাপে ভৃগু কাশ্যপক টেলিভিচনৰ পৰ্দাত দেখা পোৱা যাব নেকি?

মই এখন ধাৰাবাহিক ইতিমধ্যে কৰিছোঁ। বৰষা যেতিয়া নামে বুকুলে। কিন্তু এইখন কেতিয়া প্ৰচাৰ হ’ব সেইটো মই নাজানোঁ। আশাকৰোঁ সোনকালে হওঁক আৰু ৰাইজে বেলেগ এটা ৰূপত মোক দেখক।

‘প্ৰথম খবৰ’ সম্পৰ্কত আপোনাৰ অনুভৱ?

‘প্ৰথম খবৰ’ক জন্মৰ সময়তেই মই শুভেচ্ছা জ্ঞাপন কৰিছিলো। তাৰ পিছত মই জানিব পাৰিলোঁ যে ‘প্ৰথম খবৰ’ বৰ্তমান অপ্ৰতিদ্বন্দ্বী নিউজ প’ৰ্টেল। অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ‘প্ৰথম খবৰ’ক আঁকোৱালি লৈছে। আৰু আঁকোৱালি ল’বলগীয়া। কাৰণ ‘প্ৰথম খবৰ’ এখন সম্পূৰ্ণ সাংস্কৃতিক, ৰাজনৈতিক নাইবা সমাজৰ প্ৰতিটো দিশ চালিজাৰি বাতৰি পৰিবেশন কৰা এক নিৰপেক্ষ পৰ্টেল। ‘প্ৰথম খবৰ’ যিদৰে মানুহৰ মাজলৈ সোমাই গৈছে, গতিকে মই বিচাৰোঁ ‘প্ৰথম খবৰ’ সদায় প্ৰথম হৈয়ে থাকক। কোনোৱে যাতে ‘প্ৰথম খবৰ’ক পিছ পেলাব নোৱাৰে। ‘প্ৰথম খবৰ’ৰ স্থান যাতে অইন কোনোৱে নাপায় তাৰ বাবে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। নিজৰ কৰ্মৰে ‘প্ৰথম খবৰ’ বেছিকৈ ৰাইজৰ মনত স্থান লাভ কৰক।

 

Related Articles

Leave a Reply

Close