অসম

মংগলদৈ জিলা কাৰাগাৰত মৃত অৱস্থাত কয়দী উদ্ধাৰ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মঙ্গলদৈত জিলা কাৰাগাৰত সংঘটিত হ’ল এক অঘটন । কাৰাগাৰৰ ভিতৰত নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হল কয়দী গোলাপ হুছেইন (৩৭)ৰ মৃতদেহ। জেলত থকা অন্য কয়দীয়ে গোলাপ হুছেইন নলাত পৰি থকা বুলি জেইলাৰক খৱৰ দিয়াত নলাৰ পৰা উদ্ধাৰ কৰি গোলাপক মঙ্গলদৈ অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে । ২০০৮ চনতে এটি হত্যাকাণ্ডৰ গোচৰত অভিয়ুক্ত হৈ মঙ্গলদৈ জিলা কাৰাগাৰত কয়দী হিচাপে থকা গোলাপ হুছেইনৰ এইয়া সাধাৰণ মৃত্যু নে আত্মহত্যা জানিৱ পৰা হোৱা নাই । অবশ্যে মৰনোত্তৰ পৰীক্ষাৰ পিছতহে জানিৱ পৰা যাৱ মৃত্যুৰ প্ৰকৃত কাৰন । এই ঘটনাক লৈ দৰং জিলাত চাঞ্চল্যৰ সৃষ্টি হৈ আছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close