শেহতীয়া
Home / মহিলা / মই বীৰাংগনা বিস্মৃতা লিখকে কৈছোঁ

মই বীৰাংগনা বিস্মৃতা লিখকে কৈছোঁ

বিস্মৃতা লিখক

বীৰাংগনা বুলি  ক’লে, নিজৰ জীৱন-যৌৱন, কামনা-বাসনা সকলোকে সংযমিত কৰি মাতৃ আৰু ভগ্নীৰ বাবে পণ কৰিব বিচৰাসকলৰ দ্বাৰা নিৰাপত্তা প্ৰদানৰ লগতে সন্মান ৰক্ষা কৰাটোয়েই  জীৱনৰ ব্ৰত। মহানগৰীৰ ৰাজপথত সুযোগ সন্ধানীয়ে এগৰাকী মহিলাক যি চৰম দুৰ্ভাৱনা আৰু কলংকৰ চেকা সানিলে সেই  অৱস্থাৰপৰা মহিলাক নিৰাপত্তা প্ৰদানৰ বাবেই শ্ৰদ্ধাৰ ভাস্কৰজোতি মহন্ত ছাৰৰ  চিন্তাপ্ৰসুত আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা সুসংগঠিত এই কমাণ্ডো বাহিনীটোৱেই হৈছে ‘বীৰাংগনা’। বীৰাংগনাত জনহিত জনসেৱাৰ কাম কৰি যেতিয়া মাজে-সময়ে পুৰস্কৃত হ’লো তেতিয়াৰপৰাই আৰু উৎসাহিত হৈ কাম কৰি যোৱাৰ বাবে সাহস পালোঁ। বৰ্তমান অসমত আশীগৰাকীমান  বীৰাংগনা আছে। যথেষ্ট কষ্টৰ মাজেৰেই নিজৰ দায়িত্ব সকলোৱে সম্পাদন কৰিছে।

মোৰ ঘৰ লখিমপুৰৰ নাৰায়ণপুৰত। দেউতাই  এছ এছ বিত চাকৰি কৰিছিল। মই সৰু থাকোতে দেউতা যেতিয়া ছুটিত ঘৰলৈ আহে, তেতিয়া দেউতাৰ ইউনিফৰ্মযোৰ পিন্ধিছিলো। দেউতাৰপৰাই মই প্ৰেৰণা পালোঁ। কাৰণ  মোৰ সৰুৰেপৰাই আশা আছিল ‘জনহিত জনসেৱাৰ’ কাম কৰিবৰ বাবে। সেই সূত্ৰেই মই অসম আৰক্ষীত ভৰ্তি হৈ বতমান বীৰাংগনাত ৰাইজৰ সেৱা কৰিবৰ বাবে সুবিধাকণ লাভ কৰিছোঁ।

সৰুৰেপৰাই মই শিশু আলোচনী মৌচাক, অকণিৰ অগ্ৰদূত আৰু জিজ্ঞাস কাকতত কবিতা আৰু প্ৰবন্ধ লিখিছিলো। এতিয়াও  কমব্যস্তত সময়তো সাহিত্য চৰ্চা কৰাৰ বাবেই মোৰ বিভিন্ন সময়ত আলোচনী আৰু কাকতত কবিতা, প্ৰবন্ধ প্ৰকাশ পাই আহিছে। মূলতঃ মই ব্যস্ত সময়খিনিৰ মাজতে সাহিত্য চৰ্চাৰ বাবে সময় দিওঁ। মই যেতিয়া ট্ৰেইনিং পিৰিয়ডত আছিলো, সেই সময়তো ব্যস্ততাৰ মাজতো মই যিখিনি সময় পাওঁ সাহিত্য চৰ্চা লগত জৰিত আছিলো। কাৰণ প্ৰতিজন মানুহৰে নিজৰ এটা সুকীয়া পৰিচয় লাগে। কেতিয়াবা বিপদত পৰা মানুহকো সহায়ৰ হাত আগবঢ়াওঁ। নাৰী হিচাপে আমি জন্ম লৈছোঁ যেতিয়া অবলা আৰু পিছপৰি থাকিলে নহ’ব। আগবাঢ়ি যোৱাৰ বাবে আমি দৃঢ়প্ৰতিজ্ঞ।

One comment

  1. Best work

Leave a Reply

Your email address will not be published. Required fields are marked *

*