ৰহঘৰা

মতা-মাইকী মাখি

দুজন নলেগলে লগা বন্ধু একেখন কলেজৰ একেটা হোষ্টেলতে থাকিব লৈছিল।ওচৰা-ওচৰি দুটা কোঠাত দুয়োজন আছিল।এদিন এজন বন্ধু আন এজনৰ কোঠাত সোমাই অবাক।আনজন বন্ধুৱে মাখিমৰা জালেৰে মাখি ধৰি আছে।অবাক হৈ তেওঁ ক’লে, ”কি খবৰ? বৰ ব্যস্ত আছ নেকি?”
:এহ নকবি আৰু।মাখিয়ে মোক পাগল কৰি দিছে। তাকে মাৰি আছো।
:তেনেহ’লে কেইটা মাৰিলি?
:এতিয়ালৈকে এঘাৰটা। চাৰিটা মতা অৰু সাতজনী মাইকী।
:কি কৱ বে?মাখিৰ আকৌ মতা-মাইকী? কেনেকৈ চিনিলি?
:স্বভাৱ-চৰিত্ৰ দেখি আকৌ।মতা কেইটা মদৰ গ্লাচত আৰু মাইকী কেইজনী আইনাখনত পৰি আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close