অসমথোৰতে

মন্ত্রী ৰঞ্জীত দত্ত আৰু পল্লৱ লোচন দাসৰ পদত্যাগ দাবী প্ৰদেশ কংগ্ৰেছৰ

নিউজ ডেস্ক,প্ৰথম খৱৰ: কংগ্ৰেছ সভাপতি ৰিপুন বৰাই এক সংবাদমেল আয়োজন কৰি ৰঞ্জীত দত্ত আৰু পল্লৱলোচন দাসক নৈতিক দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰেই পদত্যাগ কৰিবলৈ দাবী জনায় |তেওঁ কয় ৰঞ্জীত দত্তই যিখন সংবিধান চুই শপত লৈ মন্ত্রী হ’ল আজি সেই সংবিধানকে অৱমাননা কৰিছে |বিজেপিৰ এবছৰীয়া গহপুৰত হোৱা বৰ্ষপূৰ্তি সভাত দত্তই চৰকাৰৰ স্কীমসমূহ অকল বিজেপি মানুহ তথা কৰ্মীয়েহে পাব লগতে আত্মসহায়ক গোট বিলাক বিজেপিত জইন কৰিলেহে সহায়-সাহাৰ্য্য পাব বুলি কৰা মন্তব্যত কংগ্ৰেছ দল জাঙুৰ খাই উঠে|কংগ্ৰেছ সভাপতি ৰিপুন বৰাই কয় চৰকাৰৰ ৰাজহ সকলোৰে বাবে এয়া বিজেপি আৰু মোডীৰ পৈত্রীক সম্পত্তি নহয় | আগতে বিদ্যুৎৰ টাৰত লাগি বাদলি মৰিছিল কিন্তু এতিয়া পল্লৱ লোচন দাসৰ শক্তি বিভাগত বাদলিৰ পৰিবৰ্তে মানুহ উমলিবলৈ লৈছে বুলি কটাক্ষ কৰে | বিজয়া চক্ৰৱৰ্তী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আজি কলৈ গ’ল বুলি তেওঁ প্ৰশ্ন কৰে|আগতে কংগ্ৰেছৰ দিনত বানপানী,গৰাখহনীয়া,মথাউৰি নিৰ্মানত অনিয়ম হোৱা বুলি মুখ্যমন্ত্রীক পদত্যাগ কৰিব লাগে বুলি চিঞৰিছিল আজি নিমাত কিয়?সকলো ভোটৰ স্বাৰ্থত নাটক কৰিছিল তেওঁলোকে|প্ৰবীন টুগাড়িয়া কোন বুলি তেওঁ প্ৰশ্ন কৰে? আমি কংগ্ৰেছৰ দিনত টুগাড়িয়াক অসমত অহাটো নিষিদ্ধ কৰিছিলো |টুগাড়িয়াই নিজৰ ৰাজ্যত হিন্দু বাংলাদেশীক সংস্থাপন নকৰে কিয়, অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিবলৈ তেওঁ কোন|

Related Articles

Leave a Reply

Close