অসম

মহুৰামুখত ভয়াবহ বান, খাদ্য সংকটত পশুধন

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ মহুৰামুখ হাহচৰা, গৰৈমাৰী, বংকুৱাল, বালিচাপৰী, গৌটুং, নামটেমেৰা, ৰিৰিগাওঁ, নিকৰীঘাট, এলেমাৰী, ধনশিৰি টেমেৰা আদি প্ৰায় ১২ খন গাঁও এতিয়া ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ কৱলত । বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন বিদ্যালয় গৃহ, বাট -পথ, কেইবাটাও বিদ্যুতিক ট্ৰেন্সফৰ্মাৰ, উপস্বাস্থ্য কেন্দ্ৰ এতিয়া পানীৰ তলত। বানপানীৰ বাবে বৃহত্তৰ অঞ্চলটোৰ আজি ছয় দিন ধৰি বিদুৎ সেৱা,ম’ৱাইল সেৱা বন্ধ হৈ আছে। অঞ্চলটোৰ হাজাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ তলত। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ একমাত্ৰ জীৱিকা কৃষি কৰ্মৰ বাবে সাজু কৰি ৰখা কঠিয়াও এতিয়া পানীৰ তলত। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ পশুধনৰ এতিয়া খাদ্য সংকটত ভুগিছে। তাকে লৈ চিন্তিত হৈ পৰিছে ভুক্তভোগী ৰাইজ। মহকুমা প্ৰশাসনৰ ফালৰ পৰা বৰ্তমানলৈকে এই অঞ্চল কেইটাত কোনো খাদ্য সামগ্ৰী, চিকিৎসা সেৱা আগ নবঢ়োৱাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে।অনতি পলমে মহকুমা প্ৰশাসনক পশুধনৰ লগতে মানুহৰ বাবে খাদ্য সামগ্ৰী, চিকিৎসা সেৱা আগবঢ়াবলৈ কাতৰে অনুৰুধ জনাইছে অঞ্চলটোৰ ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close