অসম

মহুৰামুখ বংকুৱালত বান সাহায্য বিতৰণ

প্ৰথম খবৰ,খুমটাই : গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ বান বিধস্ত মহুৰামুখ বংকুৱাল কাঠনিবাৰী আৰু নামটেমেৰা গাওঁত আজি অসম আৰক্ষী, নেচাৰকোৱেৰ টুৰিজিম এদুকেশ্বন, গ্লোৱেল,দ্যা বেৱ, প্ৰতিদিন টাইম আৰু গুৱাহাটীবাসী উদ্যোগত সেৱাবাহিনীৰ সহযোগত নেচাৰকোৱেৰ টুৰিজিম এদুকেশ্বনৰ সভাপতি জুলিন গগৈ নেতৃত্বত অহা এটি দলে বান সাহাৰ্য্য বিতৰণ কৰে । আজি বান সাহাৰ্য্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ হৈ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰা ,গ্লোবেলৰ সভাপতি সমৰ বসুমতাৰী, টুৰিজিম এদুকেশ্বনৰ সভাপতি জুলিন বৰুৱা, প্ৰতিদিন টাইমৰ হৈ বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকা, জেৰিন বৰুৱা ,জিলা সেৱাবাহিনীৰ জিলাধিনায়ক চন্দন বৰা । দলটোৱে বান বিধস্ত বংকুৱাল কাঠনিবাৰী আৰু নামটেমেৰা গাওঁ দুখনৰ প্ৰায় ৪০০ টা বানাক্ৰান্ত পৰিয়ালক চাউল ,চিৰা,মুৰি বিস্কুট, বিশুদ্ধ খোৱাপানী বটল, সাজ পোছাক,ব্লিচিং পাউদাৰ, চাবোন লগতে শিশু সকলৰ খাদ্য সামগ্ৰী বিতৰণ কৰে । উল্লেখ যে বোকাখাতৰ ” দা বেৱ” নামৰ ছাত্ৰ গোটটোৱে বানাক্ৰান্ত কন কন শিশু সকললৈ নিজৰ পঢ়া খৰচৰ পৰা ৰাহি কৰি সাজ পোছাক আগবঢ়াই । “প্ৰথম খবৰ”ৰ আগত টুৰিজিম এদুকেশ্বনৰ সভাপতি জুলিন বৰুৱা কয় যে তেওঁ লোকক এই বান সাহাৰ্য্য বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিবলৈ সহায় আগবঢ়াইছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয়, বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ,ডা• ৰেজনা দাস হাজৰিকা অভিনেতা যতিন বৰা, কন্ঠ শিল্পী জুবিন গাৰ্গ, প্ৰতিদিন টাইম লগতে গুৱাহাটী মহানগৰীৰ শুভাকাংক্ষী ৰাইজে । সেইয়েহে শ্ৰী বৰুৱাই প্ৰথম খবৰ জৰিয়তে সকলোটিলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে । বংকুৱাল কাঠনিবাৰী আৰু নামটেমেৰা ৰাইজে অতি ভিতৰুৱা যাতায়তৰ অনুপযোগী অঞ্চলত আহি বান সাহাৰ্য্য আগবঢ়োৱা বাবে সাহাৰ্য্য আগবঢ়োৱা দলটিক ভূয়সী প্ৰশংসা কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close