অসম

মাজদিয়া আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ চোৰ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বিভিন্ন গাঁওত মাজে সময়ে চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে মাজদিয়া আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ চোৰ জালত পৰিছে বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলৰ যোৱা ২০ জুলাইত নৈশ টহলৰ সময়ত তিনিটা চোৰ আটক কৰিবলৈ সক্ষম হয়। চোৰৰ দলটোৱে AS-01-GC- 5162 নম্বৰৰ বলেৰো মেক্সি ট্ৰাক প্লাছ ভেন গাড়ীৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ মাজদিয়াৰ পৰা বৰঘোপা অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনৰ চালকে আৰক্ষীৰ সংকেত  নামানি তীব্ৰ বেগত গাড়ীখন চলাই গুচি যায়। আৰক্ষীৰ সন্দেহ ওপজাত গাড়ীখন খেদি গৈ বৰঘোপাত জব্দ কৰিবলৈ সক্ষম হয়।

গাড়ীখনত বিভিন্ন লোৰ অস্ত্ৰ উদ্ধাৰ হয়। আৰক্ষীয়ে তিনিটা চোৰক আটক কৰিবলৈ সক্ষম হয় যদিও আন্ধাৰৰ সুযোগ লৈ আন তিনিটা চোৰ পলায়ন কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আটক হোৱা চোৰ তিনিটা হ’ল বকোৰ সোণতলীৰ আমিনুল ইছলাম(২৫), নলবাৰীৰ ভাংনামাৰী চৰৰ কাছেম আলী(৩০)আৰু  নলবাৰীৰ তিলাৰদিয়া চৰৰ জয়নাল আলী (৩৩) বুলি জানিব পৰা গৈছে। চোৰৰ দলটোৱে গাড়ীখনৰ পিছফালে থকা নম্বৰ প্লেট খন খুলি থৈছিল। উক্ত চোৰৰ  দলটোৱে এ টি এম, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে বুলি মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কলিতাই জানিবলৈ দিয়ে। আৰক্ষীয়ে সৰ্থেবাৰী থানাত 267/17 নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/339/34 ধাৰাৰ অধীনত  চোৰ তিনিটাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close