অসম

মাজুলীত বানাক্ৰান্ত মাজত ষ্টাৰ চিমেণ্টৰ সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, মাজুলী: ৰাজ্যৰ চাৰিওফালে বানৰ তাণ্ডৱ। কাৰোবাৰ নিজৰ আপোন ঘৰখন সন্মুখতে উটুৱাই নিছে যদি আন কাৰোবাৰ পোহনীয়া জন্তু নাইবা সাঁচতীয়া ভঁড়ালৰ ধান কেইডালো উটুৱাই নিছে বানে। এমুঠি অন্নৰ বাবে হাহাকাৰ বানাক্ৰান্ত লোকৰ মাজত। অনাহাৰে দিন পাৰ কৰা এইসকল ৰাইজৰ ওচৰত থিয় দিছে ষ্টাৰ চিমেণ্ট গোষ্ঠীয়ে। মাজুলীৰ প্রায় ১৫শ লোকৰ বাবে বান বানসাহাৰ্য লৈ মাজুলীত উপস্থিত হৈছেহি ষ্টাৰ চিমেণ্টৰ এটা দল। কালি নামনি মাজুলীৰ বানে চিঙা মহৰি চুক অঞ্চলৰ লগতে কৰতীপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিখন গাঁৱত সাহায্য প্ৰদান কৰে। আজি মাজুলীৰ বিভিন্ন প্ৰান্তত সাহাৰ্য বিতৰণ কৰিব। সাহাৰ্য টোপোলোসমূহত চাউল, দাইল, গাখীৰৰ পেকেট, বিস্কুট, নিমখ, ম’মৰ পেকেট, জুইশলা আছে। যোৱাবছৰো মাজুলীত ষ্টাৰ চিমেণ্ট সাহাৰ্য প্ৰদান কৰিছিল। অনাগত দিনটো মাজুলীৰ লগতে অসমৰ ভিন্ন প্ৰান্তত সাহাৰ্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। মাজুলীৰ বানাক্ৰান্ত লোকসকলে ষ্টাৰ চিমেণ্টক ধন্যবাদ জনায়। এই দুৰ্যোগৰ সময়ত তেওঁলোকৰ ওচৰত থিয় দিয়াৰ বাবে।

Related Articles

Leave a Reply

Close