অসম

মাজুলীত মহাপ্ৰলয় : বানে উটুৱাই নিলে মলুৱাল-মালাপিন্ধা মথাউৰি

শ শ গাঁও জলমগ্ন, পানীৰ ঢলে উটুৱাই নিলে মাটি ভেটি,  খাদ্য- বাসস্থানৰ বাবে বন্যাৰ্তৰ হাহাকাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: মহাপ্ৰলয়। হুৰহুৰাই উটি গ ল মাজুলীৰ ৰক্ষা কৱচ মলুৱাল-মালাপিন্ধা মথাউৰি। কালৰূপী সোৱণশিৰি সোমাই আহিল মাজুলীৰ অন্তৰভাগলৈ। পুৱতি নিশা মাজুলীত হুৱাদুৱা পৰিস্থিতি। আজি পুৱতি নিশা ৩-৪৫ বজাত সোৱণশিৰিৰ বানে উটুৱাই নিয়ে মলুৱাল-মালাপিন্ধা মথাউৰিৰ চেলেক তিনিয়ালি অংশ। সাগৰ সদৃশ বৃহৎ জলৰাশিয়ে এফালৰ পৰা ঢাহি মূহি নিলে সকলো। মথাউৰি চিগাৰ ফলত নামনি মাজুলীৰ শ্রীলোহিত, চিলাকলা আৰু কৰতিপাৰ এই তিনিটা পঞ্চায়তৰ অন্তৰ্গত নামনি মাজুলীৰ এই বৃহৎ  অঞ্চলটোলৈ প্রলয় নামি আহিল নিমিষতে। বানে ঘৰ-পথাৰ, গৰু-গাই, বৃহৎ গছ-গছনি  নিমিষতে মোহাৰি নি প্রলয়ৰ সূচনা কৰিলে নামনি মাজুলীত। শোৱা পাটিত থাকোঁতেই হঠাৎ প্ৰলয় নামি অহাত বহুতৰে সা সম্পত্তি উটুৱাই নিলে পানীয়ে।

আনহাতে সোৱণশিৰি, লোহিত, খেৰকটীয়া নদীৰ জলপৃষ্ঠ শনিবাৰৰ পৰা বৃ্দ্ধি পাই থকাৰ লগতে ৰঙা নদী প্রকল্পৰ বান্ধৰ পানী এৰি দিয়া ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে মাজুলীত। ক্রমবৰ্ধমানসোৱনশিৰি নদীৰ লগতে ব্রহ্মপুত্রৰ বাঢ়নি পানীয়ে মাজুলীৰ শতাধিক গাঁও জলমগ্ন কৰি তুলিছে। এই গাঁওসমূহৰ প্রায় ৩০,১৭৭ টা পৰিয়াল বানৰ কবলত পৰিছে । বানাক্রান্তৰ মাজত দেখা দিয়া অন্ন-বস্ত্র-বাসস্থানৰ সমস্যাই জটিলতৰ ৰূপ লৈছে নদী দ্বীপটোত।

গাঁও-ঘৰ-পথ-পথাৰ সকলো বানত বুৰ যোৱাত তুলুঙা নাও অথবা কলৰ ভূৰকে সাৰথি কৰি ঘৰৰ প্ৰয়োজনীয় সা সামগ্ৰী লৈ ওখ ভেটি বিচাৰি ঢাপলি মেলিছে বানাক্রান্ত । তলত বাঢ়নি পানী তাণ্ডৱ, ওপৰৰ পৰা নেৰানেপেৰা বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে মাজুলীত। বালিচাপৰি, বিৰিণাবাৰী, ১নং, ২নং বৰগঞা, চিলাকলা, ঢেকীয়াজুলি, পাঠৰিচুক, চিতাদাৰ, গড়মূৰ, পকাজৰা, মেৰুৱাবাৰী, জকাইবোৱা, কলিয়া, কলিতাপাৰা আদি অঞ্চল সোৱনশিৰি বানত বুৰ গৈছে । পথাৰৰ ধান মুঠি চপাই পুৰ কৰি থোৱা বহু ভৰা্ল বানৰ উটি যোৱাত হাহাকাৰ অবস্থা হৈছে কৃ্ষকসকলৰ মাজত।

চিলাকলা পঞ্চায়তৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে দুশ বানাক্ৰান্তই । ইপিনে বৰষুণৰ পৰিমান হ্ৰাস হোৱালৈ লক্ষ্য ৰাখি আজিৰে পৰা পুনৰ মুকলি কৰা হৈছে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত সৃষ্টি হোৱা ঘণ কুৱলিৰ আচ্ছাদনৰ বাবে ফেৰী চলাচল দুৰূহ হৈ পৰিছিল মাজুলী-নিমাতীঘাটৰ মাজত। কিন্তু বতৰ কিছু অনুকূল হোৱাৰ বাবে আজিৰপৰা মাজুলী-যোৰহাট সংযোগী সাতটা ফেৰী ঘাট পুনৰ ফেৰী সেৱা মুকলি কৰিছে মাজুলী জিলা প্ৰশাসনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close