অসম

মাৰ্ঘেৰিটাত জাপানীজ এনকেফেলাইটিচ ৰোগত এজনৰ মৃত্যু

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: জাপানীজ এনকেফেলাইটিচ ৰোগত মাৰ্ঘেৰিটা ১নং মাকুম পথাৰৰ কৃষ্ণ গোপ (৬০) নামৰ ব্যক্তিজনৰ আজি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত প্ৰায় ৩ বজাত মৃত্যু হয়। মাৰ্ঘেৰিটা ১ নং মাকুম পথাৰত এই ৰোগে যাতে প্ৰাদুৰ্ভাৱ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ ব্যৱস্থা গ্ৰহণৰ পৰা দাবী তুলিছে স্থানীয় ৰাইজে। আজি এই ৰোগত এজন লোকৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে আতংকিত হৈ পৰিছে স্থানীয় লোক সকল। স্থানীয় ৰাইজৰ মনৰ শংকা কি দৰে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দূৰ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Close