অসম

মাৰ্ঘেৰিটাত ৩৭ তম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: আজিৰে পৰা মাৰ্ঘেৰিটাত ৩৭ তম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ ২৮ খন জিলাৰ প্ৰায় তিনিশতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত চেম ডেনিয়ল সোঁৱৰণত তিনিচুকীয়া জিলা বক্সিং সন্থা আৰু ভাৰতীয় জনতা যুৱ মৰ্চা মাৰ্ঘেৰিটাৰ সৌজন্যত অনুষ্ঠিত বক্সিং খেলখন উদ্বোধন কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা। সদৌ অসম আন্তঃজিলা চিনিয়ৰ আৰু যুৱ, পুৰুষ-মহিলা প্ৰতিযোগিতাখনৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ মানসেৰে অনুষ্ঠিত প্ৰতিযোগিতাখন পুৱা ৮ বজাত পতাকা উত্তোলন কৰাৰ পাছত চেম ডেনিয়ালৰ সোঁ‌ৱৰণত স্মৃতি তৰ্পন কৰে তিনিচুকীয়া জিলা বক্সিং সন্থাৰ সম্পাদক জেনিফাৰ ডেনিয়িলে। সন্ধ্যা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। দীৰ্ঘ বিৰতিৰ মূৰত মাৰ্ঘেৰিটা আন্তঃজিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত ক্ৰীড়া প্ৰেমীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close