আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

মিনিস্কাৰ্ট পিন্ধি গ্ৰেপ্তাৰ হ’ল মডেল

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: মিনিস্কাৰ্ট পিন্ধাই গুৰুতৰ অপৰাধ হ’ল এগৰাকী মডেলৰ বাবে। আধুনিকতাৰ দিশে অগ্ৰসৰ হোৱা বুলি দাবী কৰি অহা ছৌদী আৰৱত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্যে যে খুলুদ নামৰ মডেলগৰাকীয়ে মিনিস্কাৰ্ট পিন্ধা ভিডিঅ’ তেওঁৰ স্নেপচেট একাউণ্টত আপল’ড কৰিছিল। পৰৱৰ্তী সময়ত এই ভিডিঅ’ ইউটিউবত আপল’ড কৰাৰ পিছত ভাইৰেল হৈ পৰে। খুলুডৰ এই ভিডিঅ’ই এনে পৰিস্থিতিৰ সৃষ্টি কৰে যে তেওঁক স্থানীয় প্ৰশাসনে গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে ঘটনা সম্পৰ্কে তদন্তৰো নিৰ্দেশ দিছে।

ছৌদী প্ৰশাসনৰ মতে, অশালীন পোছাক পৰিধান কৰা মহিলাৰ ক্ষেত্ৰত এয়া জৰুৰী পদক্ষেপ। উল্লেখনীয় যে ছৌদী আৰৱত মহিলাই খোলা চুলি আৰু ছুটী কাপোৰেৰে ৰাজহুৱা স্থানলৈ আহিব নোৱাৰে।সম্পূৰ্ণ দেহ আবুৰ কৰি ৰখা পোছাক অৰ্থাৎ অবায়া পৰিধান কৰিহে এগৰকী ছৌদী আৰবীয় মহিলাই ৰাজহুৱা স্থানলৈ আহিব পাৰে।

ইতিমধ্যে এই ঘটনাই দেশখনত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। ছৌদী আৰৱত মহিলাৰ স্বাধীনতা প্ৰসংগতো বিতৰ্ক তুংগত উঠিছে। ছ’চিয়েল মিডিয়াতো এতিয়া এই বিতৰ্কই মুখ্য বিষয়। বহুতেই আকৌ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পত্নী মেলেনিয়া আৰু কন্যা ইভানকাক খোলা চুলিৰে দেশখনলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে। টুইটাৰত কোৱা হৈছে, ট্ৰাম্পৰ কন্যা হ’লে তেওঁক লৈ হয়তো কোনোবাই কবিতাই লিখিলেহেঁতেন। খুলুদ হোৱা বাবেহে তেওঁৰ আৰক্ষীৰ জালত পৰিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Close