অসম

মুকালমুৱাত চোৰাং চাউল জব্দ

প্ৰথম খবৰ,মুকালমুৱা: এক গোপন সুত্ৰৰ পম খেদি মাজ নিশা মুকালমুৱা আৰক্ষী আৰু মুকালমুৱাৰ এটা সাংবাদিকৰ দলে পৃথকে,পৃথকে মুকালমুৱাত চলালে অভিযান ৷ নিশা প্ৰায় ১২ বজাত অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয় মুকালমুৱা আৰক্ষী আৰু সাংবাদিকৰ দলটিয়ে ৷ অভিযানকালত জব্দ হয় ৮০ কুইন্টল চোৰাং চাউল ৷ মুকালমুৱাৰ পেৰাধৰা ঘাটৰ পৰা জব্দ কৰা হয় চোৰাং চাউলখিনি ৷ পেৰাধৰা ঘাটৰ পৰা গোৱালপাৰাৰ এজন কলা ব্যৱসায়ীয়ে উক্ত চাউল খিনি বৰক্ষেত্ৰীৰ কেইজনমান সমবায়ৰ এজেন্টৰ পৰা ক্ৰয় কৰি দীৰ্ঘদিনে চলাই আহিছিল কলা ব্যৱসায় আৰু আজিও এনেদৰে এই বৃহৎ পৰিমানৰ চোৰাং চাউলখিনি গোৱালপাৰালৈ নিয়াৰ প্ৰস্তুতি চলাওঁতে পেৰাধৰা ঘাটত জব্দ কৰা হয় ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি গোৱালপাৰাৰ কেইজন মান কলা ব্যৱসায়ীয়ে বৰক্ষেত্ৰী এচাম অসাধু দুষ্ট সমবায় এজেন্টৰ সৈতে মিলি চোৰাং চাউলৰ এই ৰমৰমীয়া বেহা চলাই আহিছিল ৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক সকলক উদ্দেশ্যি চৰকাৰে যোগান ধৰা এই চাউল সমুহৰ পৰা উচিত গ্ৰাহক সকলক বঞ্চিত কৰি তথা ভুৱা গ্ৰাহকৰ নামত চৰকাৰ পৰা চাউল আবন্টন কৰি এনেদৰে এচামে এতিয়া চাউলৰ কলা ব্যৱসায় চলাই আহিছে ৷ যি সময়ত ৰাজ্যত লাখ,লাখ বানাক্ৰান্তই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি ফুৰিছে তেনে সময়তে এনেদৰে বৃহৎ পৰিমানৰ চোৰাং চাউল জব্দ কৰা ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ পেৰাধৰা ঘাটৰ পৰা ব্ৰক্ষপুত্ৰ নৈৰ মাজেৰে গোৱালপাৰালৈ নাওঁৰে চোৰাং সামগ্ৰী পাৰ কৰা এয়া প্ৰথম ঘটনা নহয় ৷ এচাম অসাধু কলা ব্যৱসায়ীয়ে আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি মাজ নিশা হলেই এনেদৰেই পাৰ কৰি লৈ যায় চোৰাং সামগ্ৰী ৷ ইপিনে,ঘটনাৰ লগত জড়িত চাৰিজনক আটক কৰিছে মুকালমুৱা আৰক্ষীয়ে ৷ আটকধীন চাৰিজন ক্ৰমে চহিদ আলী,ৰাছিদুল ইছলাম,নাজমুল হক,হাইবৰ আলী ৷ চাৰিওজনৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close