অসম

মুকালমুৱাৰ বেকাট্টাৰীত দ‘ খাৱৈত বাগৰিল এল্টো


প্ৰথম খবৰ,মুকালমুৱা: ঠিকাদাৰৰ মইমতালী তথা চুড়ান্ত হেমাহী/গাফিলতিৰ ফলত অৱশেষত চৰম পৰ্য্যায়ৰ সম্মুখীন হ‘ল পথটোৰ যাত্ৰীয়ে ৷ যাত্ৰীসহ দ‘ খাৱৈত বাগৰিল এল্টো ৷ কথামপি প্ৰাণৰক্ষা পৰিল কেইবাজনো যাত্ৰীৰ ৷ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ পৰা সৰুক্ষেত্ৰীৰ কাহ-শিল্পী নগৰী সৰ্থেবাৰীলৈ যোৱা উক্ত পথচোৱাৰ বেকাট্টাৰীত গড়কপ্তানী বিভাগে লেহেমীয়া গতিৰে নিৰ্মান কৰা দলংখনৰ কাম স্থানীয় ৰাইজৰ পূৰ্বৰে পৰা চকু কপালত উঠা ৷ স্থানীয় ৰাইজৰ ক্ষোভ/অভিযোগ এজন অতি নিম্ন শ্ৰেণীৰ ঠিকাদাৰক দলং নিৰ্মানৰ কাম হাতত অৰ্পন কৰি পৰিবৰ্তনকামী চৰকাৰে ৰাইজক নৰক-যন্ত্ৰনা সোধাইছে ৷ বিশেষকৈ দুই সমষ্টি ক্ৰমে বৰক্ষেত্ৰী আৰু সৰুক্ষেত্ৰী ৰাইজক উক্ত দলং খনে জ্বলা-কলা খুৱাই আহিছে বিগত ছয় মাহ ধৰি ৷ যাৰ ফলতে আজি এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ মুহুৰ্ততে ঘটনাস্থলীত স্থানীয় লোক সকল উপস্থিত হৈ গাড়ীখনৰ যাত্ৰী কেইজনক উদ্ধাৰ কৰি পিছত দুৰ্ঘটনাগ্ৰস্থ এল্টো গাড়ীখন ট্ৰেক্টৰেৰে পানীৰ পৰা তুলি আনে ৷

Related Articles

Leave a Reply

Close