অসম

মুকালমুৱা আৰক্ষীৰ জালত পুনৰ তিনি ব্যৱসায়ী

প্ৰথম খবৰ, মুকালমুৱা: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিক্ৰীৰ লগত জড়িত থকাৰ অভিযোগত আজি পুনৰ তিনিজন সমবায়ৰ এজেন্টক আটক কৰে মুকালমুৱা আৰক্ষীয়ে। উল্লেখযোগ্য যে, ২০ জুলাইৰ নিশা মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ পেৰাধৰা ঘাটত মুকালমুৱা আৰক্ষী আৰু সাংবাদিকৰ যৌথ অভিযানত জব্দ কৰা হৈছিল ৮০ কুইণ্টল চোৰাং চাউলৰ লগতে চাৰিজন অভিযুক্তক৷ চোৰাং চাউল খিনি জব্দ কৰাৰ পিছত চোৰাং চাউলৰ ব্যৱসায়ীৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ সচিব আতোৱাৰ ৰহমানক৷ সচিব আতোৱাৰ ৰহমানক আটক কৰি মুকালমুৱা আৰক্ষীয়ে আতোৱাৰ ৰহমানৰ বাসগৃহকে ধৰি পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ কাৰ্য্যালয়ত জেৰা চলাই বহু গুৰুত্বপুৰ্ণ নথি পত্ৰ জব্দ কৰাৰ পিছত আজি পুনৰ পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ তিনিজন এজেণ্টক আটক কৰে মুকালমুৱা আৰক্ষীয়ে৷ ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে তিনিওজন এজেণ্টক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ ইপিনে এই চোৰাং চাউলৰ ব্যৱসায়ৰ লগত জড়িত থকা আৰু কেইবাজনো এজেণ্ট জালত পৰিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷ আজি আটকাধীন তিনিওজন ক্ৰমে মিৰাণ হুছেইন, বাহৰুল ইছলাম আৰু মহচিন আলী। তিনিওজন পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ এজেন্ট ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close