অসম

মুখ্যমন্ত্ৰীৰ জন্মস্থানত খাবলৈ নাপাই ৰাইজৰ হাহাকাৰ

প্ৰথম খবৰ, চাবুৱা: প্ৰথমবাৰৰ বাবে আজি চাবুৱাত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে মটক যুৱ-ছাত্ৰ পৰিষদ আৰু ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়াৰ বান পৰিস্থিতি বুজ লয় আজি অঞ্চলটোৰ বন্যাৰ্তসকলৰ সৈতে মত বিনিময় কৰে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই। এই মত বিনিময়ৰ পিছতে বন্যাৰ্তসকলৰ অভিযোগ আজিলৈকে বান পৰিস্থিতি পৰিদৰ্শন কৰা নাই চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই। তদুপৰি প্ৰশাসনৰ তৰফৰ পৰাও কোনো ধৰণৰ বান সাহাৰ্য্য নিদিয়াৰ গুৰুতৰ অভিযোগ বন্যাৰ্তৰ। ইপিনে খাদ্যৰ নাটনিত মৃত্যু হৈছে শ শ পশুধন। তদুপৰি বানে উটুৱাই নিলে সহস্ৰাধিক পশুধন। এতিয়া খাদ্যৰ অভাৱত ভূকত থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰী জন্মস্থান চাবুৱাৰ দুৰ্ভগীয়া বানপিড়ীত ৰাইজে।

Related Articles

Leave a Reply

Close