অসম

মুছলপুৰত পুনৰ ডকাইতি

প্ৰথম খবৰ, মুছলপুৰ: দিন ডকাইতৰ ৰম্যভুমিত পৰিনত গৈছে বাক্সা জিলাৰ সদৰ মুছলপুৰ ৷ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লামিদাৰাত কেইদিনমান পূৰ্বে এগৰাকী টেট শিক্ষয়িত্ৰীৰ হাতৰ পৰা নগদ ধন, এ,টি,এম কাৰ্ড কাঢ়ি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই দেওবাৰে অনুৰূপ ঘটনা সংঘটিত হল বাক্সা জিলাৰ কুৱেৰি চ’ক-ডুমুনি পথৰ মাজত ৷ দেওবাৰে ভুটান খুটিৰ জৰ্জ কুজ্জুৰ নামৰ ব্যক্তি জনে AS01-Z-457 নম্বৰৰ বাইকেৰে ডুমুনিৰ পৰা ভুটানখুটিৰ নিজ ঘৰলৈ গৈ আছিল ৷ বাইকেৰে অহা তিনি জনীয়া ডকাইতৰ দল এটাই জৰ্জ কুজ্জুৰৰ মুৰত পিষ্টল থৈ বাইকখনৰ লগতে নগদ ধন কঢ়ি লৈ যায় ৷ ঘটনা সম্পৰ্কত মুছলপুৰ আৰক্ষীক অবগত কৰাত ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close