অসম

মুছলপুৰত ভয়াৱহ বান, শ শ বিঘা কৃষিভূমি  প্লাৱিত

প্ৰথম খবৰ, মুছলপুৰ: মুছলপুৰত বিগত দুদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত বাক্সা জিলাৰ বহু কৃষিভূমি প্নাৱিত হৈছে৷ জিলাখনৰ মুছলপুৰ মহকুমাৰ থমনা,  আমবাৰী, বামুনপাৰা, বেলগুৰিপথাৰ  আদিৰ শ শ বিঘা কৃষিভূমি বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ বৃহৎ এলেকাটোৰ অৰ্ধশতাধিক পৰিয়াল বুঢ়াদিয়া  নদীৰ বাঢ়নী পানীৰ কৱলত৷ ঘৰ, পথাৰ পানীত একাকাৰ৷ ইফালে থমনা মুছলপুৰ পথ বানৰ কৱলত৷ যাতায়ত ব্যাহত৷ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধা হৈছে৷ দুদিন পূৰ্বে পথাৰত ৰোপণ  কৰা কৃষিভূমি বুঢ়াদিয়া নদীৰ পানীত জাহ  যোৱাত দিশহাৰা হৈছে কৃষক৷ বানে ভয়াৱহ ৰূপ লোৱাত চিন্তিত হৈছে কৃষক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close