অসম

মুৰফুলনিত তিনিখন সুকীয়া সমিতি গঠন

প্ৰথম খবৰ,মুৰফুলনি: গোলাঘাটৰ মৰঙিৰ অন্তৰ্গত ভাগ্যপুৰ দাধৰা ফুলনি প্ৰাথমিক বিদ্যালয়ত যোৱাকালি তিনিখন পৃথক সমিতি গঠন কৰা হয় ৷ বগীজান আৰক্ষী চকীৰ থানা সমিতিৰ উপ-সভাপতি শ্ৰীযুত জয়চন্দ্ৰ দাস আৰু থানা সমিতিৰ সহকাৰী সম্পাদক অৰূপ পূজাৰী সহিতে প্ৰায় ডেৰ শতাধিক স্থানীয় লোকৰ উপস্থিতিত সমিতিকেইখন গঠন কৰা হয় ৷ অনুসূচিত জাতি চাহকোষ,ভাগ্যপুৰ সমিতিখন ৫১ জনীয়া সদস্য-সদস্যাৰে গঠন কৰে ৷ এই সমিতিখনৰ সভাপতি হিচাপে মুকুল দাস আৰু সম্পাদক ধীৰেণ ভৰালীক দায়িত্ব অৰ্পণ কৰা হয় ৷ লগতে ভাগ্যপুৰ সজাগ মহিলা সমিতিৰ সভানেত্রী নিৰু দাস, উপ-সভানেত্রী লাৱন্য দাস আৰু সম্পাদিকা পদত অনু ভূঞাক লৈ এখন ২১ জনীয়া সবল সমিতি গঠন কৰা হয় ৷ আনহাতে অসম সতী ৰাধিকা ন্যাস সমিতি (ভাগ্যপুৰ) খন ২৮ জনীয়া সদস্যাৰে গঠন কৰে ৷ এই সমিতিখনৰ সভানেত্রী জান দাস, সম্পাদিকা হিচাপে নিৰু দাসক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি আজি জানিবলৈ দিছে ৷

Related Articles

Leave a Reply

Close