আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

মৃত্যু ১৯৪২ত, মৃতদেহ উদ্ধাৰ ২০১৭ত

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ১৯৪২ চনৰ আগষ্ট মাহৰ কোনো এটা দিনত গৰুৰ গাখীৰ খীৰাবলৈ গৈ নিখোজ হৈছিল এক কৃষক দম্পতী। ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতমালাত সংঘটিত হৈছিল এই ঘটনা। মাৰ্ছেলিন আৰু ফ্ৰান্সিন দুমলিন দম্পতী হিমবাহত সন্ধানহীন হোৱাৰ পিছতো কিন্তু তেওঁলোকৰ নিথৰ দেহ উদ্ধাৰৰ আশা বাদ দিয়া নাছিল সাতোটিকৈ সন্তানে।

ইমানদিনে সন্ধান চলাই আছিল তেওঁলোকৰ সন্তানে। কিন্তু উদ্ধাৰ হোৱা নাছিল মৃতদেহ। ভেলিয়াছ চাৰণভূমিত গাখীৰ খীৰাবলৈ গৈ সন্ধানহীন হোৱা দম্পতীৰ মৃতদেহ অৱশেষত ৭৫ বছৰৰ পিছত উদ্ধাৰ হ’ল।

মৃতদেহ উদ্ধাৰৰ পিছতে তেওঁলোকৰ একেবাৰে সৰু জীয়ৰী ৭৯ বছৰ বয়সীয়া মাৰ্ছেলিন উড্ৰি দুমলিনে জানিবলৈ দিয়ে যে শীঘ্ৰে মৃতকৰ শেষকৃত্য সম্পাদন কৰা হ’ব। তেওঁ পুনৰ কয় যে, গোটেই জীৱন তেওঁলোকৰ সন্ধানত সকলো চলাথ কৰিছোঁ। সম্প্ৰতি তেওঁলোকৰ মৃতদেহ উদ্ধাৰৰ পিছতহে স্বস্তি লাভ কৰিছোঁ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা সপ্তাহত ছানফ্লেউৰণ হিমবাহত এটা স্কী লিফট কোম্পানীৰ কৰ্মীয়ে এই দুটি মৃতদেহৰ সন্ধান লাভ কৰিছিল। বৰফৰ তলত বেকপেক, টিন আৰু আইনাৰ বটল আৰু নাৰী-পুৰুষৰ জোতাৰ আশেপাশে শৰীৰৰ অংশ দেখি আৰক্ষীক খবৰ দিছিল।শীঘ্ৰেই আৰক্ষীয়ে মৃতদেহ দুটিৰ ডিএনএ পৰীক্ষা সম্পাদন কৰিব।

 

Related Articles

Leave a Reply

Close