অসম

মেধাৱী ছাত্ৰ-ছাত্ৰীক মিছিং স্বায়ত্ব পৰিষদৰ দ্বাৰা চেক প্ৰদান

প্ৰথম খবৰ, বগীনদী: ১৮ নং ভীমপৰা বগীনদী সমষ্টিৰ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা সমষ্টি খনৰ অন্তৰ্ভুক্ত ২০১৬ বৰ্ষৰ মেধাবী ছাত্ৰ-ছাত্ৰীক আজি অৰ্থ সাহাৰ্য্য হিচাপে চেক প্ৰদান কৰে। পৰিষদৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই চেক প্ৰদান কৰা হয়। বগীনদী বড়ো সাহিত্য সভা ভৱনৰ চৌহদত দিনৰ ১১ বজাত আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে ‘ভূপেন চুংক্ৰাঙে। ২০১৬ চনৰ শিক্ষা বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক মাজত চেক সমুহ প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মুঠ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক গাইপতি চাৰি হাজাৰ পাঁচশ টকাকৈ আৰু উচ্চতৰ মাধ্যমিকৰ ৪৮ গৰাকীক পাঁচ হাজাৰ টকাৰ আৰ্থিক অনুদান হিচাপে চেক প্ৰদান কৰে। এই অনুষ্ঠানত মিছিং স্বায়ত্ব পৰিষদৰ পৰা কাৰ্য্যবাহী সদস্য ‘বিজু পেগু, পুন্যশ্বৰ পেগু, বিপ্লৱ টাইড, প্ৰাক্তন অধ্যক্ষ, গোপাল দলে, মহেন্দ্ৰ দৈমাৰী উপস্থিত থাকে। মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যালয় সহকাৰী পৱিত্ৰ পেগু আৰু যাদৱ বৰপাত্ৰগোঁহাই পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

Related Articles

Leave a Reply

Close