অসম

মৰাণত টাই ভাষা, সংস্কৃতি আৰু নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি 

প্ৰথম খবৰ, মৰাণ: টাই আহোম ইণ্টাৰনেচনেল ছোছাইটি( TAI AHOM INTERNATIONAL SOCIETY) চমুকৈ (TAIS) টাইছৰ উদ্যোগত মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানত গত ৩ জুলাই পৰা ৯ জুলাইলৈকে সপ্তাহজোৰা টাই ভাষা, সংস্কৃতি আৰু নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি হয়। যোৰহাটৰ হোলোঙাপাৰাৰ যুৱক-যুৱতীৰ এটা সাংস্কৃতিকদলে এই প্ৰশিক্ষণ কৰ্মশালাত অভিজ্ঞ টাই ভাষা, সংস্কৃতি আৰু নৃত্যৰ সমল ব্যক্তিপৰা প্ৰশিক্ষণ গ্ৰহণ কৰে। মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ড° গিৰিণ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। টাই আহোম ইন্টাৰনেচনেল ছোছাইটিৰ সচিব প্ৰধান ৰাজেশ কোঁৱৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই টাইছৰ সভাপতি গৌতম হাতিমুৰীয়াই। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে টাইছৰ আইন উপদেষ্টা তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা দিগন্ত গগৈ, পাটসাঁকো কেন্দ্ৰীয় টাই একাডেমিৰ অধ্যক্ষ বাবুল ফুকন, লিখক খগেন দিহিঙ্গীয়া, মেদিনী মাধৱ মহনকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ। সপ্তাহজোৰা এই কৰ্মশালাত সমলব্যক্তি হিচাৱে প্ৰশিক্ষণ আগবঢ়োৱা টাই ভাষা পণ্ডিত জ্ঞানানন্দ ফুকন, জীৱেশ্বৰ মহন, মেদিনী মাধৱ মহন, টাই সাংস্কৃতিক কৰ্মী চাৰু বৰুৱা, অনুপম গগৈ, দুলেন ফুকন, অনিল গগৈ, দ্বীপেন হাতিবৰুৱাক টাইছৰ তৰফৰ সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলকো মানপত্ৰ সহ তাই ভাষাৰ পুথিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। যোৰহাট হোলোঙাপাৰা প্ৰশিক্ষাৰ্থী ৰিম্পী ফুকনক কৰ্মশালাৰ শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী হিচাৱে নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰে। সামৰণি অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থীসকলে কেইবাটাও নৃত্য পৰিৱেশন কৰাৰ লগতে টাই ভাষাত কথোপকথন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। টাই ভাষা,সংস্কৃতি আৰু নৃত্য জৰিয়তে জনগোষ্ঠীটোৰ লগতে সমাজখন আগুৱাই নিয়া উদ্দেশ্যেৰে অনুষ্ঠিত কৰা কৰ্মশালাৰ সমদায় খৰচ বহন কৰে টাইছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close