অসম

মৰাণত পথৰ ওপৰত হাল বাই, ভুঁই ৰুই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ

প্ৰথম খবৰ,মৰাণ: মৰাণত পথৰ ওপৰত মানৱ গৰুৱে হাল বাই ভুঁই ৰুই সৰ্বানন্দ সোনোৱাল চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ । বৰ্তমান আহাৰ মাহত এতিয়া অসমৰ গ্ৰামাঞ্চলৰ কৃষক ব্যস্ত পথাৰত ৰোৱা-তোলা কৰাত । ডিব্ৰুগড় জিলা মৰাণৰ বিধানসভা সমষ্টিত ভুঁই ৰোৱা দৃশ্য । হালোৱাই হাল বোৱা দৃশ্য । হালোৱাই হাল বাইছে গৰুৱে নহয় মানৱে তাকো পথাৰত নহয় ৰাজপথৰ ওপৰতহে।হাল বোৱা পাছত জীয়াৰী-বোৱাৰী আৰু বৃদ্ধা ৰোৱনীসকলে পথৰ ওপৰত ভুঁই ৰুই তাৰপৰা হোৱা শস্য বিক্ৰী কৰি পোৱা টকাৰে হেনো পথ নিৰ্মাণ কৰিব। পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোনোৱাল চৰকাৰৰ এই পৰিৱৰ্তন ডিব্ৰুগড় জিলা মৰাণৰ নাহৰণি গাওঁ পঞ্চায়তৰ অৰ্ন্তগত বাঁহনিপথাৰ ডেকা আলি । পথটো নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা বিধায়ক চক্ৰধৰ গগৈ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গাওঁবাসী। গাঁওবাসীয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এইবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেঁওলোকে ভোটদানৰ পৰা বিৰত থাকিব ৷

Related Articles

Leave a Reply

Close