অসমশীৰ্ষ

মৰাণত বক্সিং ৰিঙত বক্সাৰ ৰূপত অসমৰ মূখ্যমন্ত্ৰী

প্ৰথম খবৰ, মৰাণ: মৰাণত ২১ জুলাইত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃষকৰ ৰূপত ৰাইজৰ সৈতে একে লগে “শাঁওনৰ হাঁউৰি”ত ন-ভুঁই ৰুৱা দেখা পাছত মৰাণবাসীৰ লগতে ৰাজ্যবাসীয়ে মূখ্যমন্ত্ৰীক প্ৰত্যক্ষ কৰিলে বক্সাৰ ৰূপত। মৰাণ এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত আৰু মৰাণ অইল ইণ্ডিয়া সহযোগত মৰাণ অইল ইণ্ডিয়া খেলপথাৰত ২১ জুলাই পৰা ২৩ জুলাইলৈকে অনুষ্ঠিত হ’ব লগা সদৌ অসম আন্তঃজিলা ৩৮তম্ বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰি সাংবাদিকৰ আগত মন্তব্য কৰে, খেলৰ যোগেদি দেশত শান্তি-সম্প্ৰীতিৰ গঢ়ি তুলিব লাগিব। খেলক অধিক জনপ্ৰিয়তা কৰিবলৈ চৰকাৰে ইতিমধ্যে আঁচনি হাতত লৈছে। খেলৰ ৰাজধানী হিচাপে গুৱাহাটীক নিৰ্বাচিত কৰিছে। পাহাৰ-ভৈয়াম সকলোতে খেলৰ মান উন্নত কৰিবলৈ চৰকাৰে পদক্ষেপ লৈছে বুলি কয়। আনহাতে সদৌ অসম বক্সিং সন্থাৰ সভাপতিয়ে খেলত ৰাজনৈতিক পৰিৱেশে খেল বিনষ্ট কৰে বুলি মন্তব্য কৰি কেৱল ৰাজনৈতিক দলৰ লোকক জড়িত কৰিলে খেলৰ মানদণ্ডৰ উন্নত নহয় বুলি কয়। যিহেতু মৰাণত অনুষ্ঠিত হোৱা এই খেল প্ৰতিযোগিতাখনিত বিজেপিকৰণ কৰা পৰিলক্ষিত হৈছে। খেল পৰিচালন সমিতিৰ সভাপতিৰ পৰা প্ৰায় বিলাক সমিতিৰ বিষয়ববীয়া বিজেপিৰ সদস্য। ২৪খন জিলাৰ পৰা মুঠ ৩ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা বক্সিং প্ৰতিযোগিতাখনি কালি ৪ বজাত মূখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা কথা আছিল যদিও ৬ ঘণ্টা পাছতহে নিশা ১০ বজাতহে প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, চাৰি বিধায়ক ক্ৰমে বিমল বৰা, যোগেন মহন, চক্ৰধৰ গগৈ আৰু ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close