অসম

মৰাণত বানৰ সংসাৰ ৰূপ: বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীৰে উটোৱাই নিলে ভগামুৰ ব্লক ৰিংবান্ধ

প্ৰথম খবৰ, মৰাণ: ডিব্ৰুগড় জিলা মৰাণ বিধানসভা সমষ্টিৰ অৰ্ন্তগত তথা ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ অধিনস্থ ভগামুৰ ব্লক ৰিংবান্ধটো বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীৰে মুঠ ৯ ঠাইত উটোৱাই নিয়াত জলমগ্ন হয়। ১নং ভগামুৰ, তিনিআলি, কোঁৱৰ গাঁও, নেপালী গাঁও, ৩নং মজদুৰ গাঁৱৰ মুঠ ৮৯৪টা পৰিয়াল । কেইবাদশক পূৰ্বে নিৰ্মাণ হোৱা উক্ত ৰিংবান্ধটো যোৱা বছৰ বাঢ়নী পানীয়ে উটোৱাই নিয়াত চলিতবৰ্ষত পুনৰ ৯৯ লাখ টকা আঁচনিৰে ৰিংবান্ধটো নিৰ্মাণ কৰিবলৈ অনুমোদন জনায় যদিও বাৰিষা বতৰত ৰিংবান্ধটো নিৰ্মাণ কৰাত কামটো সম্পূৰ্ণ নহ’ল। যাৰ ফলত এই ৫ খন গাঁৱৰ ৰাইজ বৰ্তমান জলমগ্ন হৈ গৃহবন্দীহৈ আছে।এই পৰিয়াল সমূহক চৰকাৰে কোনো সাহাৰ্য্য প্ৰদান কৰা নাই।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close