অসম

মৰাণৰ মাহমৰা কোঁৱৰ গাঁৱত ২১জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিব শাওনৰ হাউৰী

প্ৰথম খবৰ, মৰান: চৰাইদেউ জিলা মৰাণৰ সমীপৰ মাহমৰা কোঁৱৰ গাঁৱত ২১জুলাইত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অসমত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব লগীয়া গ্ৰাম্য কৃষি ভিত্তিক অনুষ্ঠান শাওনৰ হাউৰীত পুৱা ১০বজাত অংশ গ্ৰহণ কৰি ১০০০বিঘা খেতি পথাৰত ন-ভুঁই ৰোপন কাৰ্যসূচী শুভ-উদ্বোধন কৰিব। উক্ত অনুষ্ঠানত ১০০খন গৰু হালেৰে চহোৱা ১০০০বিঘা কৃষিভূমিত ৬০০ ৰোৱনীয়ে ন-ভুঁই ৰুব। উক্ত অনুষ্ঠানত ভূমিহীন পৰিয়ালক মাটি পট্টা প্ৰদান কৰিব লগতে আত্মসহায়ক গোটক পাৱৰটিলা প্ৰদান , ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব ।

 

Related Articles

Leave a Reply

Close