অসম

মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু

প্ৰথম খবৰ, মৰিগাঁও: নিশা বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হল মৰিগাঁৱৰ পাতিদৈয়া এজন ২২ বছৰীয়া যুৱক। মৃত যুৱক জনৰ নাম পুতু কোঁৱৰ। দুৰ্ভগীয়া যুৱকজনে মিউজিক চিষ্টেমত গান শুনিবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই শোঁকৰ চাঁ পেলাই থৈ যায় সমগ্ৰ অঞ্চলটোতে। ঘটনাস্থলীত মৰিগাঁৱৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close