অসমশীৰ্ষ

মৰিয়নিৰ ৰাজপথত হাতত ভিক্ষাৰ জুলুঙালৈ চিত্ৰতাৰকা: ঠেলা টানিল বিধায়কে

প্ৰথম খবৰ, মৰিয়নি: হাতত দান পাত্ৰ লৈ মৰিয়নিৰ দোকানে দোকানে উদীয়মান চিত্ৰ তাৰকা মুনমী ফুকন। মুনমীৰ সহচৰ হিচাপে আছে মৈয়ত্ৰী গোস্বামী, জনপ্ৰিয় অভিনেতা বিপ্লৱ শইকীয়া , জনপ্ৰিয় অভিনেতা সঞ্জীৱ শইকীয়া তেওঁলোকক নেতৃত্বত ঠেলা চলাই সহায় কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। কিন্তু কিয় তেওঁলোকে ল’ব লগা হ’ল ভিক্ষাৰ জুলুঙা তথা বিধায়কে কিয় টানিব লগা হ’ল ঠেলা। আজি বিয়লি এনেদৰে মৰিয়নিৰ ৰাজপথত  দেখা গ’ল বিধায়ক সহিতে এইসকল অভিনেতা অভিনেত্ৰীক।

তেওঁলোকৰ এই ত্যাগৰ উদ্দেশ্য মহৎ। বানপীড়িত সকলৰ দুখ দুৰ্দশা তথা অভাৱ অনাটন নূন্যতম লাঘৱ কৰিবৰ বাবে তেওঁলোকৰ এই ত্যাগ। হেঙুল থিয়েটাৰৰ এই বর্ষৰ চুক্তিবদ্ধ তথা মৰিয়নিস্থিত মুখ্য কাৰ্য্যালয়লৈ আখৰাৰ বাবে অহা উদীয়মান শিল্পী মুনমী ফুকন আৰু তেওঁৰ সহযোগী সকল তথা হেঙুল কৰ্তৃপক্ষৰ সংকল্পজিত হাজৰিকা, পংকজ হাজৰিকাৰ সহিতে অন্যান্য বিষয়ববীয়াৰ সকলে ৰূপজ্যোতি ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰা বান সাহায্য অনুষ্ঠানলৈ সহযোগিতা আগবঢ়াই। মৰিয়নি নগৰৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন দোকানে দোকানে সংগ্ৰহীত পুঁজিৰ লগতে খাদ্য সামগ্ৰীৰ বস্তু ৰূপজ্যোতি ঠেলাত উঠাই একত্ৰ কৰে আৰু বানাক্ৰান্ত সকলৰ যথাযথ ভাবে যোগান ধৰাত ব্যৱস্থা কৰে। নিজৰ ব্যস্ত অনুসূচীৰ মাজত কিছু সময় উলিয়াই তেওঁলোকে কৰা এই ত্যাগক মৰিয়নিবাসীয়ে শলাগ লোৱাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close