শীৰ্ষসাক্ষাৎকাৰৰাষ্ট্ৰীয়

যুৱতীক গৰুৰ মুখা পিন্ধায় কিয় সুজাত্ৰই, ক’লে প্ৰথম খবৰক

গোৰক্ষা সৰ্বত্ৰ চৰ্চিত, মহিলাৰ কথা ভাবিব নোৱাৰোঁ কিয়?

সুজাত্ৰ ঘোষ। এক প্ৰতিবাদেৰে বিশ্বজুৰি চিনাকি হৈ পৰিছে কলকাতাৰ এইগৰাকী ফটো সাংবাদিক। মহিলাৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ এক ফটো অভিযান আৰম্ভ কৰিছিল। প্ৰতিবাদী ফটো অভিযান।

ফটোত দেখা গৈছিল কেইগৰাকীমান যুৱতীক। কোনোবা যদি দিল্লীৰ ৰাজপথত কোনোবা আকৌ হাওড়া ব্ৰীজৰ কাষত নাওত। কোনোগৰাকী আকৌ ব্যস্ত বজাৰত। কোনো এখন ফটোত স্পষ্ট নহয় তেওঁলোকৰ মুখমণ্ডল। কিয়নো গৰুৰ মূৰৰ লেটেক্স আৰ্হি পৰিধান কৰি তেওঁলোকে পজ দিছে ফটোৰ বাবে।

এই ফটোবোৰৰ আঁৰত এটা কাৰণ আছে। এই ফটোবোৰত দেখা যুৱতীসকল এক যুদ্ধৰ সেনানি। সেনাপতি সুজাত্ৰ ঘোষ। মহিলাৰ অধিকাৰ আৰু সুৰক্ষা নিশ্চিতকৰণৰ বাবে ফটোৰ মাধ্যমেৰে এই যুঁজ চলিছে। প্ৰতিখন আলোকচিত্ৰই যেন সৰৱ প্ৰতিবাদ সাব্যস্ত কৰিছে, ‘যিখন দেশ সৰ্বত্ৰ গো-সুৰক্ষাৰ ধ্বনিত কম্পমান, সেইখন দেখতেই মহিলাৰ সুৰক্ষা কিয় গৌন?’

সুজাত্ৰ ঘোষৰ প্ৰতিবাদ এতিয়া কেৱল দেশতেই নহয়, বিদেশতো ধ্বনিত হৈছে। সাংবাদিকজন নিজেই সংবাদ হৈ পৰিছে দেশে-বিদেশে। এইগৰাকী সাংবাদিকৰ টেলিফোনিক সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল প্ৰথম খবৰৰ সম্পাদক ৰুবুল দাসে। সুজাত্ৰ ঘোষৰ সৈতে সম্পাদক ৰুবুল দাসৰ সাক্ষাকাৰৰ কিয়দংশ আগবঢ়াইছোঁ প্ৰথম খবৰৰ পাঠকলৈ।

ফটো: সুজাত্ৰ ঘোষৰ সৌজন্যত।

ৰুবুল দাস: পোনাৰ অভিযানে বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰথমতেই জানিব বিচাৰিছোঁ আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি?

সুজাত্ৰ ঘোষ: আমাৰ দেশৰ বৰ্তমানৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ কথা আপুনি জানেই। মই যেতিয়া এই প্ৰকল্প আৰম্ভ কৰিছিলো, সেই সময়ত মই ভবাই নাছিলো যে ই বিশ্বজুৰি খলকনি তুলিবলৈ সক্ষম হ’ব। মই আমাৰ দেশৰ মহিলাৰ বিষয়ে কৈছিলো, কিন্তু এই প্ৰতিবাদে বিশ্বজুৰি সকলো মহিলাকে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অৰিহণা লাভ কৰিছোঁ।

আপুনি মহিলাৰ অধিকাৰৰ সপক্ষে মাত মাতিছে। কিন্তু এনে হোৱা নাইনে, যে মহিলাৰ সুৰক্ষাৰ পৰিৱৰ্তে ই গোৰক্ষা-বিৰোধী কেম্পেইন হিচাপে ই বেছি চৰ্চিত হৈ পৰিছে। আপুনি কি কয়?

বৰ্তমান গোধনৰ সুৰক্ষাৰ নামৰ ভাৰতত কি হৈ আছে সকলোৱে লক্ষ্য কৰিছে। প্ৰধানমন্ত্ৰীকে ধৰি সকলোৰে বাবে ই সম্প্ৰতি উদ্বেগৰ বিষয়। এইখিনিতে প্ৰশ্নটো উত্থাপিত হৈছে। আমি গৰুৰ সুৰক্ষা দিব পাৰোঁ, আমি নদীৰ সুৰক্ষাৰ কথা ভাবোঁ, কিন্তু মহিলাসকলৰ কথা কিয় ভাবিব নোৱাৰোঁ? সেই বাবেই মই এই ধৰণৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিলোঁ। প্ৰতিবাদ কৰিবলৈ মই বাধ্য হৈ পৰিলোঁ।

আপুনি গোৰক্ষা-বিৰোধী নেকি?

নাই নাই… মই গোৰক্ষাৰ বিৰোধিতা নকৰোঁ। আচলতে মানুহে ভুলকৈ ব্যাখ্যা আগবঢ়াইছে। মই প্ৰকৃততে গোধনৰ সৈতে জড়িত কোনো কথাৰেই বিৰোধিতা কৰা নাই। গোধনৰ সুৰক্ষাৰ কথাটো আদৰণীয়। আপোনালোকে কৰিব পাৰে। কিন্তু গোৰক্ষাৰ নামত সংঘাতৰ সৃষ্টি হ’ব নালাগে। গোৰক্ষাৰ নামত অশান্তি মই নিবিচাৰোঁ। মানুহক বাধা দি অস্থিৰতাৰ সৃষ্টি কৰিব নালাগে। ই বহুতকে স্বাধীনতাতো আঘাত কৰিছে। গো-সুৰক্ষাৰ বাবেই মানুহৰ খাদ্যাভ্যাসক প্ৰভাৱিত কৰিব নালাগে।

ফটো সুজাত্ৰ ঘোষৰ সৌজন্যত।

কিন্তু গোৰক্ষাৰ স্বাৰ্থত দেশজুৰি গৰুৰ মাংস উপলব্ধ হোৱা কচাইখানা বন্ধ কৰাৰো চিন্তা-চৰ্চা চলি আছে।

মই এই ধৰণ ৰাজনৈতিক কথাবোৰ পৰিহাৰ কৰিব বিচাৰোঁ। মই মোৰ অভিযানৰ বিষয়ে কথা পাতিব বিচাৰোঁ, কিয়নো এইধৰণৰ কথা-বতৰাৰ বাবে মূল বিষয়ৰপৰা আঁতৰি যাব পাৰোঁ। আপুনি বোধকৰোঁ মোৰ অভিযানৰ মূল বিষয়টো বুজিব পাৰিছে। মই মহিলাৰ সুৰক্ষা বা মহিলাৰ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি আহিছোঁ। যিসকলে মোৰ এই কেম্পেইনৰপৰা ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰিছে, তেওঁলোকক মই উত্তৰ দিব নিবিচাৰোঁ।

আপুনি কিয় ভাবে যে ভাৰতত বৰ্তমান মহিলাৰ অধিকাৰ আৰু সুৰক্ষা অতি স্পৰ্শকাতৰ বিষয়?

তথ্যই নিশ্চিত কৰিছে প্ৰতি ১৫ মিনিটত ভাৰতত একোটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। আপুনি অনুভৱ কৰক ই কিমান ভয়াৱহ কথা। গতিকে মহিলাৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰাটো অতি জৰুৰী। আনহাতে কেৱল আইন প্ৰণয়ন কৰিয়েই ভাৰতৰ সকলো মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো সম্ভৱ নহয়, কিয়নো ভাৰত এখন বিশাল দেশ।

কেৱল আইন প্ৰণয়ন কৰিয়েই ভাৰতত মহিলাক সুৰক্ষা প্ৰদান কৰাৰ কথাটো ভাবিব নোৱাৰিতেন্তে মহিলাসকলৰ সুৰক্ষাৰ বাবে আমি কেনেকৈ আগুৱাব পাৰোঁ? মহিলাৰ সুৰক্ষাৰ এই ছবিখন কেনেকৈ সলনি হ?

ইয়াৰ বাবে মানসিকতাৰ পৰিৱৰ্তন কৰিবই লাগিব। ইয়াৰ সৈতে বিভিন্ন কথা জড়িত হৈ আছে। ভাৰতীয় চিনেমাৰ কথাকে ধৰক। বলিউড বা টলিউডে মহিলাক যিদৰে প্ৰতিফলিত কৰিছে তাতো পৰিৱৰ্তনৰ প্ৰয়োজন আছে। কিন্তু এই সকলোবোৰ নিশাটোৰ ভিতৰতে সলনি কৰিব পৰা কথা নহয়। আমি সজাগতা সৃষ্টি কৰিব লাগিব। আৰু সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰেই মোৰ এই অভিযান।

আপুনি প্ৰচাৰ অভিযান চলাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে। মুম্বাই-কেৰালাৰপৰা উত্তৰ-পূবলৈ। আপুনি গুৱাহাটীলৈ কেতিয়া আহিব?

অতি সোনকালে। গুৱাহাটীৰ লগতে উত্তৰ পূবৰ বিভিন্ন প্ৰান্তলৈ, যেনে- শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা আছে।

আপোনাৰ পৰৱৰ্তী পৰিকল্পনা?

পৰৱৰ্তী পৰিকল্পনাৰ কথা ক’বলৈ হ’লে… এই মুহূৰ্তত মই ভাৰতত প্ৰান্তে প্ৰান্তে ফটো তুলিব বিচাৰোঁ। কেম্পেইন চলাই যাম।

আপুনি দীৰ্ঘদীন ধৰি ফটো সাংবাদিক হিচাপেও কাম কৰিছে।

মই এগৰাকীৰ স্বতন্ত্ৰ ফটো সাংবাদিক। ভাৰতৰ লগতে বিদেশতো ফটো সাংবাদিক হিচাপে কাম কৰিছোঁ। সমান্তৰালভাৱে মই এগৰাকী সমাজকৰ্মী হিচাপেও কাম কৰি আছোঁ।

এইখিনিতে মোৰ এই প্ৰকল্পটোৰ বিষয়েও ক’ব বিচাৰোঁ। এই প্ৰকল্পটোৰ গুৰুত্ব মোৰ নিজতকৈও বেছি। This project is more than myself.

এই ফটোগ্ৰাফী কেম্পেইনটোৰ সৈতে জড়িত মহিলাসকলৰ অৰিহণাও অনস্বীকাৰ্য। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো সেইসকল মহিলাক বাদ দি মোৰ এই অভিযান সম্ভৱেই নহ’লহেঁতেন। ই নিশ্চিতভাৱে এক সামূহিক প্ৰচেষ্টা।

সাক্ষাৎকাৰৰ বাবে আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

ধন্যবাদ

Related Articles

Leave a Reply

Close