যুৱশীৰ্ষ

যুৱ শক্তি বনাম ৰাজনীতি

বিতোপন বৰা

জেষ্ঠসকলে প্ৰায়েই ইতিকিং কৰি কয় আজিৰ যুৱ সমাজে কি কৰিছে? বাইক, DSLR লৈ ঘুৰি ফুৰিব যানে এনেকুৱা কিছু মন্তব্য কৰে। তেতিয়া মনে মনে থাকিলো। কিন্তু যেতিয়াৰ পৰা এই ধৰ্ম,জাতি,মাটি,ভাষাক লৈ ৰাজনীতি অৰিয়া-অৰি আৰম্ভ হ’ল মনটো অশান্ত হৈ মনে কিবা এটা কৰিব বিচাৰিলে আৰু লিখা আৰম্ভ কৰিলো আৰু মোৰ দৰে বহুজনক লগ পালো। আমি একেখন নাৱৰে যেন যাত্রী। বহু ভাবুকি আহিল। কিন্তু বহুজনে সাহসো দিলে।

এতিয়া আগৰ সেই আমাক ইতিকিং কৰা সকলে আকৌ ক’ব ধৰিল আজিৰ যুৱ সমাজে হোৱাই নোহোৱাই যিকোনো লিখে, যিকোনো কৰে।

এতিয়া আমি আপোনালোকক শুধিব বিচাৰিচো
১ ) আপোনালোকে কি কৰিলে ?
২ ) আপোনালোকে কৰা ভাষা আন্দোলন কিমান সফল হ’ল ? বহু নিৰীহে প্ৰাণ দিলে কিন্তু সেই স্বহৃদৰ প্ৰাণৰ মূল্য দিব পাৰিলেনে ? কিমান সংকটমুক্ত হ’ল ভাষা ? সফল নোহোৱাকৈ আধাতে সামৰিল কিয় ?
৩ ) বিদেশী বহিষ্কাৰ আন্দোলনো কৰিলে। বহুজনে জেল খাতিল। কিমানদূৰ সফল হ’ল নাজানো। কিন্তু এতিয়া বিদেশীয়ে নাই চাগে ন ?

আজিৰ যুৱসমাজ ইমান দুৰ্বল নহয়। লাচিতৰ তেজ থকা প্ৰতেক যুৱকৰ তেজ পিৰপিৰাব লৈছে। হেংদাঙৰ পৰিবৰ্তে কলমেৰে উত্তৰ দিছে।হেংদাং লবলৈ বাধ্য নকৰাব।

কাৰ সহ্য হ’ব…
১) ধৰ্মৰ নামত ৰাজনীতি।
২) সেই গালি গালাজবোৰ ( মিঞা, গেদা …)।
৩) বিদ্যালয়ৰ কণমানীবোৰৰ লগত ৰাজনীতি।
৪) হকে বিহকে কাৰোবাক অস্ত্ৰ প্ৰশিক্ষণ দিয়া।
আজিৰ যুৱসমাজএকত্রিত হৈছে।
ধন্যবাদ সৰ্বাৰ চৰকাৰ। আপোনালোকৰ কাৰুকাৰ্য্যৰ বাবে শুই থকা শিয়ালো জাগি উঠিচে। লাচিতৰ তেজ পিৰপিৰাই থকা যুৱশক্তিৰ কিমান ক্ষমতা সোনকালেই দেখা পাব |

চাণক্যই কৈছিলঃ “কোনো এখন দেশৰ পতনৰ মূল কাৰণ হৈছে সেই দেশখনৰ যুৱশক্তি, যিসকলে ৰাজনীতিক লেতাৰা বুলি অৱহেলা কৰে, তুচ্চজ্ঞান কৰে। যদি সচাঁকৈ লেতেৰাই হয় সেই লেতেৰা ৰাজনীতিক পৰিষ্কাৰ কৰাটো দেশখনৰ যুৱশক্তিৰে দায়িত্ব আৰু ধৰ্ম।”

দেশত, ৰাজ্যত চলি থকা এই লেতেৰা ৰাজনীতিক পৰিষ্কাৰ কৰাৰ বাবে আজি যুৱশক্তি উঠি পৰি লাগিবই লাগিব। দেশৰ জাতি,ধৰ্ম,মাটি,ভাষাৰ ৰক্ষাৰ বাবে আমি এক হ’ব লাগিব।আহক আমি এক হৈ দেশদ্ৰোহী জাতিদ্ৰোহী বদন আৰু বদনপুত্রক খেদি প্ৰথমে এখন সুন্দৰ নিকা শান্তিপ্ৰিয় দেশ গঢ়ো।

জয় আই অসম

Related Articles

Leave a Reply

Close