অসম

লংকাৰ কাকীত পুখুৰীত পৰি শিশুৰ সলিল সমাধি

প্ৰথম খবৰ, লংকা: হোজাই জিলা লংকা চহৰৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত কাকী জাজৰি ব্লকত শনিবাৰে দুপৰীয়া এটা ডেৰ বছৰীয়া শিশু পানীত পৰি মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শনিবাৰে দুপৰীয়া পিতৃ ফজৰ আলি পথাৰত হাল বাই অহাৰ পিছত কনমানি কন্যা সন্তান ডিলচানা বেগম পিতৃৰ ওচৰতে খেলি থকাৰ সময়তেই হঠাৎ নোহোৱা হৈ পৰে। ইয়াৰ পিছত বিচাৰ খোচাৰ কৰাত ওচৰৰে এটা পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close