অসম

লংকাৰ কাকীত শিশুনাট কৰ্মশালা

প্ৰথম খবৰ, লংকা : গ্ৰীষ্ম বন্ধত ছাত্ৰ ছাত্ৰী সকলক অসমৰ সাংস্কৃতিক জগতখনত খোজ পেলাবলৈ শিকোৱাৰ মানসেৰে লংকাৰ কাকীত পোনপ্ৰথমবাৰৰ বাবে “নাৱাজ ” মঞ্চৰ ব্যবস্থাপনাত শিশু নাট কৰ্মশালা অনুষ্ঠিত হৈ আছে। ১৫ জুলাইৰ পৰা ২৫ জুলাইলৈকে ২ নং কাকীৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈ থকা এই নাটৰ কৰ্মশালাত বৃহত্তৰ কাকী অঞ্চলৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ শিশুসকলৰ শাৰিৰীক, মানসিক তথা আধ্যাত্মিক আদি সৰ্বাংগিন দিশত বিকাশ কৰি শিশু সকলক সাংস্কৃতিক ক্ষেত্ৰ খনত এখোজ আগবঢ়াই নিয়াৰ লগতে কাকী অঞ্চলত এক নাটকৰ পৰিৱেশ গঢ় দিয়াৰ পৰিকল্পনা হাতত লৈ এই শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে মত প্ৰকাশ কৰে। উল্লেখ্য যে, নাজিৰাৰ পৰা অহা প্ৰশিক্ষক প্ৰদীপ দত্তই শিশুসকলক এই নাট কৰ্মশালাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close