অসম

লখিমপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ, নাওবৈচা:  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত আজি কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় ৷ দৌলতপুৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃষক মুক্তিৰ জিলা সমিতিৰ আহ্বায়ক বদিউজ জামানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ আহ্বায়ক নুৰুল আমিনে৷ সভাত বিশিষ্ট অতিথি হিচাপে সাংবাদিক হাছিনুৰ আলম, সৰ্বশিক্ষাৰ চি আৰ চি চি ৰফিক আহমেদ, দৌলতপুৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক জাহেদ আলী, ছাত্ৰ মুক্তিৰ লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন নেতা আব্দুৰ ৰাজীৱ, কৃষক মুক্তিৰ জিলা সমিতিৰ আহ্বায়ক শাহানুৰ ইছলামকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত এই বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা জিলা খনৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close