অসম

লাওখোৱাত শ্ৰমিকৰ মুখৰ আহাৰ কাঢ়ি খাইছে শিক্ষকে : শিক্ষকৰ বিৰুদ্ধে গোচৰ তৰাৰ প্ৰস্তুতি শ্ৰমিকৰ

প্ৰথম খবৰ,ৰূপহীহাট: ৰাজ্যত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে স্বযং বিজেপি দলৰ কৰ্মীযেই দুৰ্নীতিত লিপ্ত হোৱা বাতৰিযে লাওখোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ লাওখোৱা উন্নয়ন খণ্ডৰ শিঙিমাৰী গাও পঞ্চায়তত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি ৷ এই দুৰ্নীতি কোনো পঞ্চায়ত প্ৰতিনিধিযে সংঘটিত কৰা নাই , কৰিছে বিজেপি দলৰ পালি নেতা তথা বালিকা এমই স্কুলৰ শিক্ষক ইদ্ৰিছ আলীয়ে ৷ শিক্ষকজনে শ্ৰমিকৰ মুখৰ আহাৰ কাঢ়ি খাইছে ৷ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিমাৰী গাঁওপঞ্চায়তৰ ২০১৬-১৭ বৰ্ষৰ এমজি এনৰেগা আঁচনিৰ আধীনত লাওখোৱা উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ কেম্পাছত মাটি পেলোৱাৰ বাবে আঁচনি লৈছিল ৷ এই আঁচনিত জৰ্বকাৰ্ড শ্ৰমিকৰ একাউন্টত ২১৮৪ টকাকৈ সোমাইছিল ৷ মুঠ ৭৭ জন শ্ৰমিকৰ ১ লাখ ৬৭ হাজাৰ ২০০ টকা উঠাই বিজেপিৰ পালি নেতা তথা শিক্ষক ইদ্ৰিছ আলীয়ে উঠাই আত্মসাৎ কৰে ৷ ঘটনাসন্দৰ্ভত শ্ৰমিক সকলে খণ্ড উন্নয়ন বিষয়াক জনাইছে য়দিও ইদ্ৰিছ আলীৰ পৰা টকাখিনি উদ্ধাৰ কৰিব পৰা নাই ৷ এতিয়া শ্ৰমিক সকলে উপায়ন্তৰ হৈ শিক্ষক জনৰ বিৰুদ্ধে গোচৰ তৰাৰ প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে ৷ যি সময়ত শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলক ৰাজনীতিৰ পৰা আতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ দিছে সেই সময়তে শিক্ষামন্ত্ৰীৰ নিৰ্দ্দেশনাক ভেঙুচালি কৰি লাওখোৱাত শিক্ষকে শিক্ষকতা বাদ শ্ৰমিকৰ মুখৰ আহাৰ কাঢ়ি খোৱাত উঠি পৰি লাগিছে ৷ শ্ৰমিকৰ মুখৰ আহাৰ কাঢ়ি খোৱা শিক্ষক জনৰ প্ৰতি শিক্ষা মন্ত্ৰীয়ে কি পদক্ষেপ লয় সেয়া হব লক্ষনীয় ৷ আনপিনে য়োৱা দেওবাৰে ৰুপহীহাটৰ বৰতলত গুলজাৰ হুছেইন নামৰ শিক্ষক জনক কামৰ অনুমোদনৰ বাবে আন এজন অপ্ৰদেশীকৃত বিদ্যালয়ৰ শিক্ষক আব্দুৰ ৰহিমৰ ৮-১০ জনীয়া ফৈদে গুলজাৰক আক্ৰমন কৰি গুৰুতৰ বাবে আহত কৰাৰ লগতে চাৰিচকীয়া বাহনৰো ক্ষতি কৰিছিল ৷ লাওখোৱাত বিজেপি দলৰ পালি নেতা তথা শিক্ষক ইদ্ৰিছ আলী,গুলজাৰ হুছেইন আৰু আব্দুৰ ৰহিমৰ কৰ্ম-কাণ্ডই শিক্ষক সমাজৰ লগতে নিষ্ঠাৱান বিজেপি দলৰ নেতা-কৰ্মী সকলক লজ্জানত কৰিছে ৷ বিজেপি দলৰ নিষ্ঠাৱান কৰ্মী সকলে এই শিক্ষক তিনিজনৰ বিৰুদ্ধে দলীয় হাইকমাণ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দলৰ পৰা বহিস্কাৰৰ দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close